NORTHEAST NOW (Assamese)

Zubeen Garg: জুবিন গাৰ্গলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চুকাফা বঁটা-২০২১

December 3, 2021 1:13 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: December 3, 2021 1:19 pm

Zubeen Garg জুবিন গাৰ্গলৈ আগবঢ়োৱা হ’ব চুকাফা বঁটা ২০২১।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষণা কৰিছে এই বঁটা।

পোন প্ৰথমবাৰলৈ এই চুকাফা বঁটা ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাৱে সোনাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰা অসম দিৱসত এই বঁটা ঘোষণা কৰে।

Also Read: Imran Shah: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহক বৰ অসম সমন্বয় বঁটা ২০২১ প্ৰদান

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে জুবিনৰ নিশাৰ সংগীতানুষ্ঠানৰ মাজতে এই কথা ঘোষণা কৰে।

অচিৰেই গুৱাহাটীৰ কোনো এক স্থানত এই বঁটা প্ৰদান কৰা হ’ব বুলি চাংমাইয়ে ঘোষণা কৰে।

অসমৰ অতি জনপ্ৰিয় আৰু দৰদী শিল্পী জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা বাবে তেওঁৰ অনুৰাগীসকল আনন্দিত হৈ পৰিছে। 

Related News