NORTHEAST NOW (Assamese)
অসম

খাদ্যবস্তুৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ: লিডুত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ যুৱ ছাত্ৰ পৰিষদৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ November 5, 2020 8:02 pm
Screenshot_20201105_191245

মূল্যবৃদ্ধিৰ প্ৰতিবাদত মাৰ্ঘেৰিটাৰ লিডুৰ ৩১৪ ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

আলু, পিঁয়াজ, পাচলিৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰিছে ৰাইজক। এনে মূল্যবৃদ্ধি প্ৰতিৰোধত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ তথা যোগান বিভাগ।

ইয়াৰ প্ৰতিবাদত মাৰ্ঘেৰিটা মহকুমাৰ লিডুত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই অনতিপলমে খাদ্যবস্তুৰ মূল্যবৃদ্ধি প্ৰতিৰোধ যোগান বিভাগে কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে।

কেন্দ্ৰীয় কেবিনেটে আলু, পিঁয়াজ আদিক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বৰ্হিভূত কৰাৰ পাছতেই বজাৰত অভাৱনীয়ভাৱে দাম বৃদ্ধি পাবলৈ ধৰিছে এই সমূহ সামগ্ৰীৰ।

আনহাতে যোগান মন্ত্ৰীয়েও কেন্দ্ৰৰ এই সিদ্ধান্তৰ দোহাই দি অসহায় স্বীকাৰোক্তি প্ৰদান কৰিছে।