মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণেৰে ‘কা‘ আৰু ‘ই আই এ‘ বাতিলৰ দাবীত উত্তাল মাৰ্ঘেৰিটা
‘কা’ আমি নামানো, ‘কা’ আমাক নালাগে, ‘ই আই এ’ বাতিল কৰক, বিজেপি চৰকাৰ গ’বেক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল হৈ পৰিল আজি মাৰ্ঘেৰিটা।
অসমবাসীক মাধমাৰ সোধাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ‘কেব’ক ‘কা’লৈ ৰূপান্তৰ কৰি শেহতীয়াকৈ পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বন সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিধি পৰিৱৰ্তন কৰিবৰ বাবে চৰকাৰে ৰচা ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত টিৰাপ জাগুন আঞ্চলিক সমিতি, মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা এই মানৱ শৃংখল কাৰ্যসূচী চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট মত যে কোনো কাৰণতে কা আৰু ই আই এ ২০২০ মানি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে অনতি পলমে বাতিল কৰাৰ দাবী জনায়।