NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল শিৱসাগৰৰ আকাংক্ষা; উত্তৰ-পূবলৈ কঢ়িয়াই আনিলে গৌৰৱ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 3, 2022 2:35 pm
Sibsagar girl shines

বোকাতহে পদুম ফুলে। এই আপ্তবাক্যষাৰীকে পুনৰ এবাৰ প্ৰমাণিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰৰ নাম জিলিকালে এগৰাকী ছাত্ৰীয়ে।

শিৱসাগৰ জিলাৰ কালুগাঁৱৰ নামতিয়াল গাঁৱৰ জীয়ৰী আকাংক্ষা তামূলীয়ে দিল্লীত অনুষ্ঠিত দেশৰ ৭৩ তম গণৰাজ্য দিৱসত ভাগ লৈ জিলাখনৰ লগতে সমগ্ৰ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে।

এন চি চিৰ এন ৪৯ আছাম ন’ভেল ইউনিটৰ হৈ আকাংক্ষাই গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লোৱাৰ লগতে অসমৰ ঐতিহ্য সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: থলুৱা ভূমিহীন পৰিয়ালক উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

আকাংক্ষাই উঠি অহা প্ৰজন্মক এন চি চিৰ প্ৰতি গুৰুত্ব দিবলৈ মন্তব্য কৰাৰ লগতে ই অধ্যয়ণত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে বুলি উল্লেখ কৰে।

এই সফলতাৰ বাবে শলগুৰি সমবায় সমিতি, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, অগপ বৰুৱাপুখুৰী আঞ্চলিককে ধৰি অঞ্চলটোৰ ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে আকাংক্ষাক উষ্ম অভিনন্দন জনায়।