NORTHEAST NOW (Assamese)
অসম

অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ লগোৱাটোৱেই বিজেপিৰ উদ্দেশ্য : অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2019 9:44 pm
Himanta thum for story

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ প্ৰতি আজি নজিৰবিহীনভাৱে আক্ৰমণাত্মক হৈ পৰে কৃষক মুক্তিৰ নেতা অখিল গগৈ। এখন সংবাদমেলত নেতাজনে দুয়োজনকে অতি চোকা শব্দ ব্যৱহাৰ কৰি সমালোচনা কৰে।

২৪ জানুৱাৰিত ৰাজ্যিক বিজেপিৰ দ্বাৰা অনুষ্ঠিত আৰু মুখ্য মন্ত্ৰীৰ লগতে হিমন্ত দুয়োজন উপস্থিত থাকি নাগৰিকত্ব বিধেয়কৰ সপক্ষে উদাত্ত ভাষণ দিয়া পঞ্চায়ত প্ৰতিনিধিৰ সমাৱেশখনৰ উদ্দেশ্য ‘অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ লগোৱাটোহে আছিল বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

“হিমন্ত বিশ্ব শৰ্মাই ‘৮ জন ক’লা পতাকা দেখুওৱা ল’ৰাৰ বিপৰীতে ৮০০ ল’ৰা গোট খুওৱা হ’ব’ বুলি মন্তব্য কৰি ভাতৃঘাতী সংঘৰ্ষ লগাবৰ বাবে চেষ্টা কৰিছে।” গগৈয়ে কয়। বঙহৰ মাজত যুঁজ লগাই তেওঁলোকে নিজৰ গাদী ৰক্ষা কৰাৰ অপচেষ্টাত লিপ্ত হৈছে বুলিও কয় তেওঁ।

আনহাতে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত দিল্লী আৰু নাগপুৰক সন্তষ্ট কৰাৰ প্ৰতিযোগিতা চলিছে বুলি কটাক্ষ কৰে গগৈয়ে।

“কোনে নিজকে নাগপুৰ আৰু দিল্লীৰ ওচৰত বেছি ভক্ত বুলি পৰিচয় দিব পাৰে, তাক লৈয়ে দুয়োজন প্ৰতিযোগিতাত লিপ্ত হৈছে। সেয়েহে নিমাতী কন্যা সৰ্বানন্দ সোণোৱালৰ মুখত এতিয়া মাত ওলাইছে।” অখিল গগৈয়ে পোনপটীয়া আক্ৰমণেৰে কয়।

“হিমন্ত বিশ্ব শৰ্মাই মোদী-অমিত শ্বাহৰ ওচৰত বেছিকৈ গুৰুত্ব পাব বুলি ভয়তে সোণোৱালে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক ‘চৰকাৰৰ বক্তব্য’ বুলি উল্লেখ কৰিছে।” সংবাদমেলত দাবী কৃষক নেতাজনৰ।

ইপিনে, ২০১৪ ৰ লোকসভা নিৰ্বাচন তথা ২০১৬ চনৰ বিধান সভা নিৰ্বাচনক ‘অসমীয়া জাতিৰ শেষ শৰাইঘাটৰ ৰণ’ আখ্যা দিয়া কথাটোও সংবাদমেলত অখিল গগৈয়ে উনুকিয়াই দিয়ে। কিন্তু এতিয়া শৰাইঘাটৰ যুদ্ধৰ প্ৰসংগ এৰি হিমন্ত বিশ্বই পানীপথৰ যুদ্ধৰ কথা উল্লেখ কৰাক কেন্‌দ্ৰ কৰি সৰৱ হৈ পৰে কৃষক নেতাজন।

“হিমন্তই পানীপথৰ যুদ্ধই কৰক বা শৰাইঘাটৰ যুদ্ধই কৰক, এই যুঁজত অসমীয়া জয়ী হ’ব। এই যুদ্ধত অসমীয়া জয়ী হ’ব বুলি জানিয়েই হিমন্ত বিশ্ব শৰ্মা পাগল হৈ গৈছে।‘ এইদৰে কয় অখিল গগৈয়ে।

অখিল গগৈয়ে “হিমন্ত বিশ্ব শৰ্মা চিটীবাছৰ পকেটমাৰ। তেওঁৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসো পকেটমাৰ।” বুলি বিতৰ্কিত মন্তব্য কৰে সংবাদমেলত।

“চিটীবাছত একেলগে বহু পকেটমাৰ উঠে। যেতিয়া পকেটমাৰজন ধৰা পৰে, তেতিয়া অন্য পকেটমাৰকেইজনে পকেটমাৰজনক যেই ধৰিছে তেওঁকেই পিটিবলৈ চেষ্টা কৰে। ঠিক সেইদৰে এই পকেটমাৰকেইজন ধৰা পৰি এতিয়া ক’লা পতাকা দেখুওৱা মানুহকেইজনক প্ৰহাৰ কৰিবলৈ ওলাইছে।” গগৈৰ মন্তব্য।

“ক’লা পতাকা দেখি তথা তেওঁৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ যোৱা বাবে হিমন্ত বিশ্ব শৰ্মা উন্মাদ হৈছে।” হিমন্ত বিশ্ব শৰ্মা বলিয়া কুকুৰে কামোৰাৰ মানুহৰ দৰে বলিয়া হৈছে বুলি মন্তব্য কৰি কয় অখিলে।