NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাক আঁঠু কঢ়াব খুজিছে অখিল গগৈয়ে ||Video||

November 28, 2018 7:02 pm · অনিৰ্বাণ পাঠক
Updated: November 28, 2018 7:54 pm
হিমন্ত বিশ্ব শৰ্মা| ফাইল ছবি।

অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁঠু কঢ়াব খুজিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

শৰ্মাই দিয়া বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়ক “বাতিল”ৰ আশ্বাসৰ বাবে মন্ত্ৰীজনক এই শাস্তি বিহিবলৈ সংশ্লিষ্ট যুটীয়া সংসদীয় সমিতিক বুধবাৰে এই “দাবী” জনাইছে গগৈয়ে।

‘‘হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ ইমান বৃদ্ধি পাইছে যে তেওঁ সংসদক অস্বীকাৰ কৰিব পাৰে। যুটীয়া সংসদীয় সমিতিক অস্বীকাৰ কৰাৰ নিচিনা কিছুমান দুষ্কাৰ্য্য সাধন কৰা আমি দেখিবলৈ পাইছো। গতিকে তেওঁক বিশেষাধিকাৰ ভংগৰ অপৰাধত সংসদৰ সন্মুখত থিয় কৰাব লাগে আৰু আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰাব লাগে,’’ মন্তব্য অখিল গগৈৰ।

সংসদে গঠন কৰি দিয়া যুটীয়া সংসদীয় সমিতিৰ বিবেচনাধীন বিষয় এটাৰ ওপৰত শৰ্মাৰ এই মন্তব্যক “অনধিকাৰ” বুলিও অভিহিত কৰিছে গগৈয়ে।

আলফা (স্বাধীন)ৰ সেনাপ্ৰধান পৰেশ বৰুৱা “ঘূৰি আহিলে” বিধেয়কখন বাতিলৰ শেহতীয়াকৈ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে।

সূত্ৰ মতে সংসদীয় সমিতিখনৰ কেইবাজনো সদস্যয়ো অসমৰ মন্ত্ৰীজনৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Related News