NORTHEAST NOW (Assamese)
অসম

অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 15, 2020 3:57 pm
Gauhati HC stays bail of Akhil Gogoi

আজি কৃষক মুক্তিৰ কাৰাবন্দী নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালত চৌহদত অখিল গগৈয়ে কয় যে কা-বিৰোধী আন্দোলন জোৰদাৰ হোৱা নাই। চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন হোৱা নাই।

তাৰোপৰি তেওঁ চৰকাৰে এটাৰ পিছত এটা ভুৱা গোচৰ জাপি দিয়া বুলি অভিযোগ তুলি কয়, “একেটা বিষয়ৰ ওপৰত কেনেকৈ বাৰেপতি গোচৰ জাপি থাকিব পাৰে?”

নেতাকেইজনক আদালতলৈ অনাৰ সময়ত কৃষক মুক্তিৰ নেতা-কৰ্মীয়ে “জয় আই অসম”-ৰ লগতে চৰকাৰ বিৰোধী ধ্বনিৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ উত্তাল কৰি তোলে। তেওঁলোকে “বিজেপি চৰকাৰ গ’ বেক”, “অখিল গগৈক মুক্তি দিয়ক” ধ্বনি দিয়ে।

আনহাতে আজি তিনিওজন নেতাকে অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাক বিচাৰে যদিও আদালতে অগ্ৰাহ্য কৰে। তাৰ পৰিৱৰ্তে প্ৰয়োজনত কাৰাগাৰতে জেৰা কৰিবলৈ কয়। জানিব পৰা মতে, অপৰাধ শাখাই 1/2019 নম্বৰৰ গোচৰৰ তদন্তৰ বাবে নিজৰ জিম্মাত ল’ব বিচাৰিছিল।

আৰক্ষীৰ সূত্ৰই জনোৱামতে, কা-বিৰোধী আন্দোলনৰ সময়ত ধ্বংসকাৰ্য, ষড়যন্ত্ৰ আৰু দুষ্কাৰ্য্যৰ অভিযোগ আছে তিনিওজনৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে অখিল গগৈক যোৱা ১৪ ডিচেম্বৰত এন আই এই য়ু এ পি এ-ৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান ন্যায়িক জিম্মাত আছে কৃষক মুক্তিৰ নেতাজন।