NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰ থানাৰ গোচৰৰ পৰা জামিন লাভ অখিল গগৈৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ March 28, 2020 8:00 pm

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত শিৱসাগৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে আজি জামিন লাভ কৰে।

শিৱসাগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে আজি কৃষক নেতা গৰাকীৰ জামিন আবেদন মঞ্জুৰ কৰে।

উল্লেখযোগ্য যে NIAৰ গোচৰৰ পৰা যোৱা ১৭ মাৰ্চত মুক্ত হোৱা অখিল গগৈক শিৱসাগৰ থানাত ৰুজু থকা ১৩৪৪/১৯ নম্বৰ এক গোচৰৰ আধীনত ১৯ মাৰ্চত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

শিৱসাগৰ আৰক্ষীয়ে তেওঁক চাৰিদিন নিজৰ জিম্মাত ৰখাৰ পাছত ২৩ মাৰ্চত শিৱসাগৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰিছিল আৰু আদালতে অখিলক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

অখিল গগৈৰ হৈ শিৱসাগৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত যুক্তি আগবঢ়াইছিল জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই।

আনহাতে শিৱসাগৰৰ গোচৰৰ পৰা জামিন লাভ কৰে যদিও উজনি অসমৰ আন বহু কেইখন থানাত অখিলৰ বিৰুদ্ধে এতিয়াও ৰুজু হৈ আছে গোচৰ।

অখিলৰ বিৰুদ্ধে টীয়ক থানাত ৬৯৫/১৯, গৌৰীসাগৰ থানাত ১৫৪/১৯ আৰু চাবুৱা থানাত ২৮৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৪৭/ ১৪৮/ ১৪৯/ ৩৩৬/ ৩৫৩/  ৩২৬/ ৩০৭ ধাৰাত গোচৰ ৰুজু হৈ আছে।