NORTHEAST NOW (Assamese)
অসম

বিধায়ক হৈ বিপাঙত অখিল গগৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2023 8:04 pm

বিধায়ক হোৱাৰ পিছত যেন হতাশাই ছানি ধৰিছে একালৰ আন্দোলনকাৰী, বিপ্লৱী কৃষক নেতা অখিল গগৈক। বিধায়ক হিচাপে সুখী হ’ব পৰা নাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

দেওবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে মত প্ৰকাশ কৰে যে পূৰ্বৰ দিনবোৰৰ লগত তুলনা কৰি চালে বিধায়ক হিচাপে তেওঁ একেবাৰে সুখী নহয়। বিধায়ক হোৱাৰ পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা হিচাপে গগৈয়ে জনতাৰ সমস্যাবোৰ বিনাদ্বিধাই তুলি ধৰিব পাৰিছিল। কিন্তু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই যেন তেওঁ জনগণৰ সমস্যাবোৰ তুলি ধৰাত ব্যৰ্থ হৈ পৰিছে।

অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ চৰকাৰৰ সকলো জনবিৰোধীসিদ্ধান্তৰ সমালোচনা আৰু প্ৰতিবাদ কৰি আহিছে। তেওঁ অকলেই বিধান সভাত বিৰোধীৰ ভূমিকা পালন কৰি আছে । কিয়নো আন বিৰোধী দল সমূহ নীৰৱ হৈ আছে।

তেওঁ কয়, “বিধায়কৰ এই পদত মই সুখী নহয়। মই এজন সমাজকৰ্মী। মই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিটো জনবিৰোধী নীতিৰ বিৰোধিতা কৰি আহিছো। যেতিয়া মই বিধায়ক হৈ থকা নাছিলো তেতিয়া জনগণৰ প্ৰতিনিধি হিচাপে বেছি সুখী আছিলো আৰু ৰাইজৰ সমস্যাবোৰ তুলি ধৰিবলৈ সক্ষম হৈছিলো

গগৈয়ে কয়, ”অসম বিধানসভাত মইয়ে একমাত্ৰ বিধায়ক যিয়ে বিজেপিৰ বিৰোধিতা কৰি আহিছোঁ। বিধান সভাত ৫১ জন বিৰোধী বিধায়ক আছে যদিও বিৰোধীৰ দায়িত্ব পাহৰি তেওঁলোকৰ একাংশই ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ বাবে ভোটদান কৰিছে