NORTHEAST NOW (Assamese)
অসম

চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ অভিযোগ কৃষক নেতা অখিল গগৈৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 25, 2019 8:46 am
24-08-19 Guwahati- Akhil Gogoi press conference (1)

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কৃষক নেতা অখিল গগৈ।

শনিবাৰে গুৱাহাটীৰ কৃষকমুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি চুপাৰি ছিণ্ডিকেট সম্পৰ্কত পুনৰ বিস্ফোৰণ ঘটায় ৷

কৃষক নেতাগৰাকীয়ে এইবাৰ চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ২২ আগষ্টতে ৰুজু কৰা গোচৰ পঞ্জীয়ন নকৰাক লৈ সৰৱ গগৈয়ে কয়, ‘’ছীল মোহৰ মাৰি ৰিচিভ কৰা এজাহাৰ এতিয়ালৈকে পঞ্জীয়ন কৰা নাই। অতি শীঘ্ৰে যদি চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে দিয়া গোচৰ পঞ্জীয়ন নকৰে তেন্তে অচিৰেই আৰক্ষী দায়বদ্ধতা নহ’লে আদালতৰ কাষ চাপিম।’’

সংবাদমেলতে গগৈয়ে, ‘চুপাৰিৰ লগত সোণ, অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে’ বুলিও অভিযোগ কৰে।

জব্দকৃত ট্ৰাকৰ পৰা আৰক্ষীয়ে পইচা লৈ সেই সমূহ এৰি দিয়াৰ অভিযোগো উত্থাপন কৰে গগৈয়ে।

তদুপৰি, গগৈয়ে জব্দকৃত ২৬খন চুপাৰি ট্ৰাক বাৰ্মিজ চুপাৰি বুলি দাবী কৰে। এই চুপাৰি সমূহ ইণ্ডোনেছিয়াৰ পৰা অনা হৈছে আৰু এই চুপাৰি সমূহ অতি নিম্নমানৰ বুলি জানিবলৈ দিয়ে গগৈয়ে।

আনহাতে, এতিয়ালৈকে কিয় ইয়াৰ পৰীক্ষা কৰা হোৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে।

উল্লেখ্য যে যোৱা ১৬ আগষ্টত তাজ ভিভান্টাত চুপাৰি চিণ্ডিকেটৰ গোপন বৈঠক হৈছিল বুলি গগৈয়ে দাবী কৰিছিল। পৰবৰ্তী সময়ত এই সন্দৰ্ভত তেওঁ জালুকবাৰী থানাত গোচৰ দিছিল।