NORTHEAST NOW (Assamese)

ফেচবুকৰ পৰা নিলম্বিত একাউণ্ট ঘূৰাই পালে অখিলেশ যাদৱে; চৰকাৰে দিলে স্পষ্টীকৰণ

October 12, 2025 3:11 pm · এন ই নাও নিউজ, গুৱাহাটী

শুকুৰবাৰে (১০ অক্টোবৰ) সন্ধিয়া নিলম্বিত হোৱা ফেচবুক একাউণ্ট  অৱশেষত ঘূৰাই পালে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি অখিলেশ যাদৱৰ ফেচবুক একাউণ্ট নিলম্বন কৰাৰ বাবে দলৰ নেতাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলসমাজবাদী পাৰ্টিৰ নেতাসকলে এই পদক্ষেপক বিৰোধী কণ্ঠ দমন কৰিবলৈ চৰকাৰে হাতত লোৱা অঘোষিত জৰুৰীকালীন অৱস্থা বুলি অভিযোগ উত্থাপন কৰিছিল

কিন্তু চৰকাৰে এই অভিযোগ নস্যাৎ কৰি কয় যে ফেচবুকৰ মূল কোম্পানী মেটাই এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই।

বিশেষ সূত্ৰৰ উদ্ধৃতিৰে হিন্দুস্তান টাইমছে প্ৰকাশ কৰা অনুসৰি, অখিলেশ যাদৱৰ পেজটো হিংসাত্মক যৌনগন্ধী পোষ্ট দিয়াৰ অভিযোগত নিলম্বন কৰা হৈছিল। অৱশ্যে শনিবাৰে মেটাৰ মুখপাত্ৰই পেজটো পুনৰ কাৰ্যকৰী কৰা হৈছে বুলি অৱগত কৰে।

https://www.facebook.com/plugins/post.php?href=https%3A%2F%2Fwww.facebook.com%2Fyadavakhilesh%2Fposts%2Fpfbid02FgHN4yrHvLqYy1iW95Acf5RRDUa7p9CASW9T12xrKTui3zxSSN9DLQvFudrQ2AXcl&show_text=true&width=500

উল্লেখযোগ্য যে শনিবাৰে অখিলেশ যাদৱে সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ এটা উক্তি নিজৰ একাউণ্টত প্ৰকাশ কৰিছিল।

অখিলেশৰ পোষ্টটোত লিখা আছিল, “সম্পূৰ্ণ বিপ্লৱ বুলি কলে মই সমাজৰ আটাইতকৈ নিপীড়িত ব্যক্তিজনক ক্ষমতাৰ শিখৰত দেখা পোৱাটোকে বুজাইছোঁ।

সংবাদ সংস্থা পিটিআইৰ মতে, ৮০ লাখৰো অধিক লোকে ফ’ল’ কৰা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক একাউণ্টটো ১০ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত নিষিদ্ধ কৰা হৈছিল

এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ ফখৰুল হাছান চান্দে সামাজিক মাধ্যম এক্সত লিখিছে, “দেশৰ তৃতীয় বৃহত্তম দলটোৰ ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় অখিলেশ যাদৱৰ ফেচবুক একাউণ্ট নিলম্বন কৰাটো গণতন্ত্ৰৰ ওপৰত কৰা আক্ৰমণ। বিজেপি চৰকাৰে প্ৰতিটো বিৰোধী দলৰ কণ্ঠ দমন কৰি ৰাইজৰ ওপৰত অঘোষিত জৰুৰীকালীন অৱস্থা জাপি দিছে। কিন্তু সমাজবাদী পাৰ্টিয়ে বিজেপিৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰি যাব

উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া অখিলেশ যাদৱৰ ফেচবুক পেজত সন্ধান কৰাৰ সময়ত কোনো তথ্য উপলব্ধ নহয় বুলি এটা বাৰ্তা আহিছিল। অৱশ্যে ইয়াৰ কোনো স্পষ্ট কাৰণ দিয়া হোৱা নাছিল। এই সন্দৰ্ভত ফেচবুক বা মেটা ইণ্ডিয়ায়ো কোনো বিবৃতি প্ৰকাশ কৰা না

কিন্তু সমাজবাদী পাৰ্টিয়ে এই পদক্ষেপৰ ভিত্তি ফেচবুকৰ নীতিগত বিষয় নে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে

Related News