NORTHEAST NOW (Assamese)

৩৮ বছৰ বয়সতে অখিলেশ যাদৱৰ ভাতৃ প্রতীক যাদৱৰ ৰহস্যজনক মৃত্যু

May 13, 2026 11:59 am · এন ই নাও নিউজ, গুৱাহাটী

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ কনিষ্ঠ পুত্ৰ প্ৰতীক যাদৱৰ মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে পুৱা প্ৰায় ৬ বজাত তেওঁক অচেতন অৱস্থাত লক্ষ্ণৌৰ চিভিল হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বাবে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সমগ্ৰ মৰণোত্তৰ পৰীক্ষা প্ৰক্ৰিয়াটো ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও তেওঁৰ বুকুৰ এক্স-ৰে কৰাৰো সম্ভাৱনা আছে। যিখন হাস্পতালত তেওঁৰ মৃতদেহ ৰখা হৈছে তাত নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে।

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সতীয়া ভাতৃ প্ৰতীক যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। তেওঁ হাস্পতালতো ভৰ্তি হ’বলগীয়া হৈছিল আৰু সেই সময়ত অখিলেশ যাদৱেও তেওঁক দেখা কৰিবলৈ গৈছিল। পিছলৈ তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিছিল যদিও বুধবাৰে পুৱা হঠাৎ তেওঁৰ মৃত্যু হয়। এই মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন ৰহস্যৰ সৃষ্টি হৈছে। খবৰ পোৱাৰ লগে লগে অপর্ণা যাদৱৰ ভাতৃ আমন বিস্তু ঘটনাস্থলীত উপস্থিত হৈছে।

প্ৰতীক যাদৱ দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক পৰিয়ালৰ সদস্য আছিল যদিও তেওঁ সদায় সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰত আছিল। মুলায়ম সিং যাদৱৰ দ্বিতীয় পত্নী সাধনা গুপ্তাৰ পুত্ৰ প্ৰতীকে ব্ৰিটেইনৰ লীডছ বিশ্ববিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ৰিয়েল এষ্টেট ব্যৱসায় আৰু ফিটনেছ উদ্যোগৰ সৈতে জড়িত হৈ পৰে। তেওঁ দ্য ফিটনেছ প্লেনেট নামৰ এটা জিমৰো গৰাকী আছিল।

২০১১ চনত বিজেপি নেত্ৰী অপৰ্ণা যাদৱৰ সৈতে প্ৰতীকৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু শেহতীয়াভাৱে তেওঁলোকৰ মাজত সংঘাতৰ কথা পোহৰলৈ আহিছিল। প্ৰতীকে অভিযোগ কৰিছিল যে অপৰ্ণাই তেওঁৰ পৰিয়ালটো ধ্বংস কৰি দিছে আৰু তেওঁ কেৱল নিজৰ খিয়াতি আৰু স্বাৰ্থৰ কথাহে ভাবে। আনকি এই মাহৰ আৰম্ভণিতে প্ৰতীকে পত্নীক ডিভোৰ্চ দিয়াৰ সিদ্ধান্তৰ কথাও ৰাজহুৱা কৰিছিল। এনে এক অশান্ত পৰিৱেশৰ মাজতে হঠাতে তেওঁৰ মৃত্যু হোৱা বিষয়টোৱে এতিয়া সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News