NORTHEAST NOW (Assamese)
অসম

এইবাৰ ডিচক’ভাৰীত বীয়েৰ গ্ৰেইলৰ সৈতে দেখা পোৱা যাব ছুপাৰষ্টাৰ অক্ষয় কুমাৰক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 1:32 pm
এইবাৰ ডিচক’ভাৰীত বীয়েৰ গ্ৰেইলৰ সৈতে দেখা পোৱা যাব ছুপাৰষ্টাৰ অক্ষয় কুমাৰক

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তামিল ছুপাৰষ্টাৰ ৰজনীকান্তৰ পিছত এইবাৰ মোচন প’ষ্টাৰৰ ‘ইনটু ৱাইল্ড উইথ’ বীয়েৰ গ্ৰেইলৰ ডিচক’ভাৰীৰ জনপ্ৰিয় টিভি শ্ব’ত দেখা যাব বলিউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।

অক্ষয় কুমাৰক এডভেঞ্চাৰ এণ্ড টি ভি হ’ষ্ট বীয়েৰ গ্ৰেইলৰ অতি জনপ্ৰিয় টিভি শ্ব’ ইনটু ৱাইল্ড উইথৰ পৰৱৰ্তি খণ্ড অৰ্থাৎ অহা ১১ ছেপ্তেম্বৰৰ নিশা ৮ বজাত ডিচক’ভাৰী প্লাছত সম্প্ৰচাৰিত হ’ব।

আনহাতে ডিচক’ভাৰীত ১৪ ছেপ্তেম্বৰৰ নিশা ৮ বজাত সম্প্ৰচাৰিত হ’ব বুলি জানিব পৰা যায়।

অক্ষয় কুমাৰৰ সৈতে গ্ৰেইলে এই বিশেষ এপিছ’ডটো বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভত শ্বুটিং কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে টাইগাৰ ৰিজাৰ্ভত চলা শ্বুটিঙৰ সময়ত অক্ষয় তুমাৰে বীয়েৰ গ্ৰেইলৰ সৈতে প্ৰায় ৬ ঘণ্টা সময় অতিবাহিত কৰে।

বিশেষ এপিছ’ডটোৰ প্ৰম’ ভিডিঅ’ কিছু সময় পূৰ্বে মুকলি কৰা হৈছে। প্ৰম’টো মুকলি কৰে অক্ষয় কুমাৰে।

টাইগাৰ ৰিজাৰ্ভৰ পাঁচটা বেলেগ বেলেগ ঠাইত শ্বুটিং কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰম’ ভিডিঅ’ মুকলি হোৱাৰ পিছতে অক্ষয় কুমাৰৰ অনুৰাগী সকলে এই এপিছ’ডটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰজনীকান্তৰ তুলনাত অধিক মনোগ্ৰাহী হ’ব বুলি মন্তব্য কৰে।