NORTHEAST NOW (Assamese)

২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আলাউদ্দীন আহমেদৰ আবেদন

March 15, 2020 7:04 am · দীপক কুমাৰ পাঠক

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি যুৱ নেতা তথা তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দীন আহমেদে আজি তামুলপুৰ জিলা বিপিএফ সমিতিৰ ওচৰত আবেদন দাখিল কৰে।

প্ৰাৰ্থীত্বৰ আবেদন দাখিলৰ সময়ত আলাউদ্দীনৰ লগত অসংখ্য যুৱক, বিপিএফ কৰ্মী আৰু গুণমুগ্ধ লোকে সংগ দিয়ে।

বিপিএফ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশি তথা প্ৰবল দাবীদাৰ আলাউদ্দীনে আবেদন পত্ৰ দাখিল কৰে তামুলপুৰ জিলা  বিপিএফৰ সভাপতি আদিত্য সিংহা আৰু সম্পাদক উপেন বসুমতাৰীৰ হাতত।

আলাউদ্দীনক প্ৰাৰ্থীত্ব দিয়াৰ বাবে বিপিএফৰ তামুলপুৰ জিলা সংখ্যা লঘু কোষেও এখন আবেদন দাখিল কৰে তামুলপুৰ জিলা বিপিএফৰ নেতৃত্বৰ হাতত।

সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে তেওঁ বিপিএফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট লাভ কৰিলে তেওঁৰ বিজয় সুনিশ্চিত। কিয়নো সমষ্টিটোত তেওঁ বিগত কেইবা বছৰ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত লগ লাগি উন্নয়নৰ কাম কৰি আহিছে।

তেওঁ এমচিএলএ হিচাপে নিৰ্বাচিত হ’লে নাগ্ৰীজুলি বিটিচি পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত উন্নয়নৰ কাম কৰাৰ লগতে নাৰী সৱলীকৰণ, দক্ষতা  বিকাশ যোজনাৰ অধীবত  নিবনুৱা সমস্যাৰ সমাধান কৰা, কৃষকৰ জ্বলন্ত সমস্যা খেতি পথাৰত পানী যোগান আঁচনি আদিকে ধৰি বিভিন্ন উন্নয়ণমূলক আঁচনিৰ কাম কৰিব বুলি সদৰী কৰে।

আলাউদ্দীনৰ উপৰিও ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পৰা  বিপিএফ দলৰ প্ৰাৰ্থীত্ব বিচাৰি  উদয় নায়ক, খগেন দাস আৰু ৰাজেশ্বৰ দাসেও তামুলপুৰ জিলা বিপিএফৰ ওচৰত আবেদন জনাইছে বুলি জানিব পৰা গৈছে।

Related News