NORTHEAST NOW (Assamese)
Popular Stories

অধ্যাপক আলী খান মাহমুদাবাদৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ হাৰিয়ানা চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2026 3:40 pm

ছ’চিয়েল মিডিয়াত ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত কৰা মন্তব্যক কেন্দ্ৰ কৰি আইনী মেৰপাকত আৱদ্ধ হোৱা আশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদলৈ এক বৃহৎ সকাহ আগবঢ়াইছে হাৰিয়ানা চৰকাৰে। সোমবাৰে হাৰিয়ানা চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে তেওঁলোকে অধ্যাপকগৰাকীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰটো আগবঢ়াই নিবলৈ প্ৰয়োজনীয় আইনী মঞ্জুৰী (Sanction) দিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ ফলত অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে চলি থকা সকলো আইনী কাৰ্যব্যৱস্থাৰ অন্ত পৰিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে চৰকাৰৰ এই সিদ্ধান্তক নথিভুক্ত কৰি অধ্যাপকগৰাকীৰ বিৰুদ্ধে সোণিপতৰ ট্ৰায়েল কৰ্টত চলি থকা গোচৰটো খাৰিজ কৰাৰ নিৰ্দেশ দিয়ে।

হাৰিয়ানা চৰকাৰৰ হৈ অতিৰিক্ত চলিছিটৰ জেনেৰেল (ASG) এছ ভি ৰাজুৱে আদালতত কয় যে চৰকাৰে বিষয়টোত এজন উচ্চশিক্ষিত ব্যক্তিৰ প্ৰতি ‘এককালীন উদাৰতা’ প্ৰদৰ্শন কৰি গোচৰটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে, যোৱা জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে চৰকাৰক অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে থকা অভিযোগসমূহ পুনৰ বিবেচনা কৰি গোচৰটো বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। চৰকাৰৰ এই সঁহাৰিৰ পাছত আদালতে অধ্যাপকগৰাকীৰ পাছপ’ৰ্ট ঘূৰাই দিয়াৰো নিৰ্দেশ দিয়ে।

এই বিতৰ্কৰ সূত্রপাত হৈছিল যোৱা ২০২৫ চনৰ মে’ মাহত, যেতিয়া ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ৰ সন্দৰ্ভত কৰা এক ফেচবুক প’ষ্টৰ বাবে অধ্যাপক মাহমুদাবাদৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু ধৰ্মীয় আৱেগত আঘাত সনাৰ অভিযোগত দুটাকৈ এজাহাৰ দাখিল কৰা হৈছিল। হাৰিয়ানা মহিলা আয়োগৰ অধ্যক্ষ ৰেণু ভাটিয়া আৰু এজন গাঁওবুঢ়াই দাখিল কৰা এই অভিযোগৰ ভিত্তিত মাহমুদাবাদক গ্ৰেপ্তাৰ কৰা হৈছিল। যদিও তেওঁক তিনি দিনৰ পাছত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল, তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত আছিল। অধ্যাপক মাহমুদাবাদে তেওঁৰ প’ষ্টটো সম্পূৰ্ণৰূপে দেশপ্ৰেমমূলক আছিল বুলি দাবী কৰি আহিছিল, য’ত তেওঁ পাকিস্তানৰ সন্ত্ৰাসবাদক গৰিহণা দিয়াৰ লগতে যুদ্ধৰ ভয়াৱহতা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছিল বুলি জনাইছিল।

আজিৰ শুনানিৰ অন্তত আদালতে অধ্যাপকগৰাকীক ভৱিষ্যতে এনে স্পৰ্শকাতৰ বিষয়ত মন্তব্য কৰোঁতে অধিক সাৱধান হ’বলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্য ন্যায়াধীশ সূৰ্য কান্তই মন্তব্য কৰে যে কেতিয়াবা কিছুমান কথাৰ অৰ্থ ভিন ভিন ধৰণে ল’ব পৰা যায়, গতিকে এজন বিদ্বান ব্যক্তি হিচাপে তেওঁ অধিক বিচক্ষণতাৰে কাম কৰা উচিত। বিচাৰপীঠে লগতে কয় যে এতিয়া যিহেতু চৰকাৰে গোচৰটো বন্ধ কৰিছে, সেয়েহে এই অধ্যায় ইয়াতেই সমাপ্ত হোৱা উচিত। অধ্যাপক মাহমুদাবাদৰ হৈ আদালতত জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰা আৰু নিজাম পাশাই অংশগ্ৰহণ কৰিছিল।