NORTHEAST NOW (Assamese)

বলিউদৰ প্ৰতিভাৱান অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ বিৰুদ্ধে থানাত জবানবন্দী লিপিৱদ্ধ আলিয়াৰ

September 13, 2020 8:19 pm · এন ই নাও নিউজ
Updated: September 13, 2020 8:24 pm

সংকটে যেন নেৰা হৈছে বলিউদৰ জনপ্ৰিয় তথা প্ৰতিভাৱান অভিনেতা নৱাজুদ্দিন ছিদ্দিকিক।

নৱাজুদ্দিন ছিদ্দিকি আৰু পৰিয়ালৰ বিৰুদ্ধে দুমাহৰ পূৰ্বে উত্তৰ প্ৰদেশৰ বুদানা আৰক্ষী থানাত তৰা এক গোচৰৰ জবানবন্দী লিপিৱদ্ধ কৰিছে আজি পত্নী আলিয়া ছিদ্দিকিয়ে।

উল্লেখ্য যে কিছু মাহৰ পূৰ্বে নৱাজুদ্দিনৰ পত্নী আলিয়া ছিদ্দিকিয়ে নৱাজুদ্দিনৰ ভাতৃ মিনহাজুদ্দিন ছিদ্দিকিয়ে এগৰাকী মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পিছতে নৱাজুদ্দিনৰ পৰিয়ালে নৱাজুদ্দিনৰ পত্নী আলিয়াক গোটেই বিষয়টোক গাপ দি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু নৱাজুদ্দিনৰ পত্নী আলিয়াই এই বিষয়টো আৰক্ষীৰ দৃষ্টিগোৰ কৰাত পৰিয়ালে তেওঁৰ ওপৰ বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰাৰ লগতে অত্যাচাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে।

ইফালে যোৱা ২৭ জুনত মুম্বাইৰ এখন থানাত আলিয়াই স্বামী নৱাজুদ্দিনৰ লগতে স্বামী পৰিয়ালৰ বিৰুদ্ধে এই সংক্ৰান্তত এজাহাৰ দাখিল কৰে।

কিন্তু অপৰাধৰ স্থান উত্তৰ প্ৰদেশৰ বুদানা হোৱাৰ হেতুকে মুম্বাই আৰক্ষীয়ে গোচৰটো বুদানাৰ আৰক্ষীলৈ হস্তান্তৰিত কৰে।

আৰু আজি সেই গোচৰটোৰ সংক্ৰান্ততে নৱাজুদ্দিন ছিদ্দিকিৰ পত্নী আলিয়াৰ জবানবন্দী লিপিৱদ্ধ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে চলিত বছৰৰ মে’ মাহত নৱাজুদ্দিনৰ পত্নী আলিয়াই বিবাহ বিচ্ছেদ বিচাৰি স্বামীলৈ আইনী জাননী প্ৰেৰণ কৰিছিল।

আলিয়াই জনাইছিল যে কিছু বছৰৰ পৰা তেওঁলোকৰ বিবাহিত জীৱন সুখকৰ হৈ থকা নাই।

আন্তঃসত্ত্বাৰ সময়ত স্বামী নৱাজুদ্দিন তেওঁৰ ওচৰত নথকাৰ অভিযোগ কৰাৰ লগতে দাবী কৰিছিল যে আনকি দ্বিতীয় সন্তান প্ৰসৱ কৰাৰ দিনাও স্বামী নৱাজুদ্দিন তেওঁৰ ওচৰত উপস্থিত নাছিল।

সেই সময়ত নৱাজুদ্দিনে প্ৰেমিকাৰ সৈতে একেলগে আছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আলিয়াই।

ইফালে আলিয়াই সংবাদ মাধ্যমৰ আগত স্বামী নৱাজুদ্দিনে সন্তানৰ ভৰণ-পোষণৰ বাবে টকা পইচা দিয়াও বন্ধ কৰি দিছে বুলি দাবী কৰিছে।

স্মৰ্তব্য যে আলিয়াৰ জন্মগত নাম অঞ্জনা কিশোৰ পাণ্ডে। নৱাজুদ্দিনৰ সৈতে বিবাহপাশত অৱদ্ধ হোৱাৰ বাবে তেওঁ ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ আলিয়া নাম লয়। তেওঁলোকৰ দহ বছৰীয়া দাম্পত্য জীৱনৰ সাক্ষী হিচাপে দুটি সন্তান আছে।

Related News