NORTHEAST NOW (Assamese)

আলিবাবাৰ প্ৰতিষ্ঠাতা বিশ্বৰ অন্যতম ধনী ব্যক্তি জেক মা সন্ধানহীন! ৰহস্যৰ আৱৰ্তত ধনকুবেৰ

January 4, 2021 12:28 pm · এন ই নাও নিউজ
চীনৰ ধনকুবেৰ জেক মা। ফাইল ফটো।

বৰ্তমান সন্ধানহীন হৈ পৰিছে বিখ্যাত আলিবাবা কোম্পানীৰ প্ৰতিষ্ঠাতা তথা বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি চীনৰ জেক মা।

তেওঁ উদ্ভাৱন কৰা নিজৰ টেলেন্ট শ্ব’তো আনকি তেওঁৰ উপস্থিতি দেখা পোৱা নাই।

যোৱা অক্টোবৰ মাহত চীনৰ আৰ্থিক সংস্কাৰ নিয়ামক সংস্থাৰ সমালোচনা কৰিছিল ধনকুবেৰ গৰাকীয়ে।

ইয়াৰ পাছতে বিগত কেইবা সপ্তাহ ধৰি তেওঁক ক’তো দেখা যোৱা নাই।

জেক মা’ই আৰম্ভ কৰা ‘আফ্ৰিকা’ছ বিজনেছ হিৰো’ নামৰ জনপ্ৰিয় অনুষ্ঠানটোত উদীয়মান আফ্ৰিকাৰ উদ্যোগীসকলৰ মাজত ব্যৱসায়িক উদ্ভাৱনী ক্ষমতাকলৈ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতা বিজয়ীক আগবঢ়োৱা হয় ১৫লাখ মাৰ্কিন ডলাৰৰ আকৰ্ষণীয় পুৰষ্কাৰ।

শ্ব’টোৰ চূড়ান্ত ৰাউণ্ডতো জেক মা’ উপস্থিত নাছিল। সেয়েহে তেওঁ বৰ্তমান মুক্ত নে গৃহবন্দী তাক লৈয়ো আশংকাৰ সৃষ্টি হৈছে।

ব্ৰিটিছ দৈনিক ফাইনেন্সিয়েল টাইমছৰ মতে বিচাৰকৰ পেনেলৰ ৱেবপেজৰ পৰাও চীনা ব্যৱসায়ীগৰাকীৰ ছবি অঁতৰাই দিয়া হৈছে।

তদুপৰি, শ্ব’টোৰ প্ৰমোচনমূলক ভিডিঅ’তো তেওঁ থকা অংশটো কাটি দিয়া হৈছে।

এসময়ত চীনৰ আটাইতকৈ সফল উদ্যোগীগৰাকী ৰাজনীতিবিদসকলৰো প্ৰিয় আছিল। কিন্তু বৰ্তমান তেওঁ সেই সুদৃষ্টি হেৰুৱাটো স্পষ্ট হৈ পৰিছে।

দেশখনৰকেন্দ্ৰীয় বেংকৰ নীতিক সমালোচনা কৰাৰ পাছৰে পৰাই আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আলিবাবা আৰু জেক মা’ৰ আন এটি প্ৰতিষ্ঠান অ্যান্ট গ্ৰুপ।

ইয়াৰ মাজতে অ্যান্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আইপিঅ’ও চাংহাই ষ্টক এক্সচেঞ্জে স্থগিত কৰে। ইয়াৰ পাছৰে পৰা আৰু জেক মা’ক দেখা পোৱা যোৱা নাই।

Related News