NORTHEAST NOW (Assamese)
অসম

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সদৌ অসম আইন ছাত্ৰ সন্থাৰ গোচৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 19, 2020 6:48 pm
All Assam Law Students' Union files FIR against Garga Chatterjee

সদৌ অসম আইন ছাত্ৰ সন্থাই বৰ অসমৰ স্ৰষ্টা, অসমীয়া জাতিৰ জনক, বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওল্যুঙ চুকাফাক চীনা আক্ৰমণকাৰী বুলি তাচ্ছিল্য কৰা গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে শুকুৰবাৰে পাণবজাৰ থানাত এক গোচৰ ৰুজু কৰে৷

গৰ্গ চেটাৰ্জীয়ে বিতৰ্কিত মন্তব্যৰে অসমীয়া জাতিৰ ঐক্যৰ ওপৰত আঘাত হানিবলৈ চেষ্টা কৰা বাবে তেওঁক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰধান কৰিবলৈ চৰকাৰ তথা আৰক্ষীক দাবী জনাইছে সদৌ অসম আইন ছাত্ৰ সন্থাই।

ইতিমধ্যে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চেটাৰ্জীৰ বিৰুদ্ধে ততকালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তক আজিয়ে ক’লকাতালৈ যোৱাৰ নিৰ্দেশ দিছে।

চেটাৰ্জীৰ বিৰুদ্ধে ভাস্কৰ জ্যোতি গগৈ নামৰ যুৱক এজনে বৃ্হস্পতিবাৰে ডিব্ৰুগড় সদৰ থানাতো এক গোচৰ দি তেওঁক গ্ৰেপ্তাৰৰ দাবী জনাইছিল।

১৭ জুনৰ দিনা নিশা প্ৰায় ৯:১৪ ত টুইটাৰযোগে গর্গই চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিয়াৰ লগতে তাচ্ছিল্যসূচক মন্তব্য কৰে।

All Assam Law Students' Union files FIR against Garga Chatterjee

‘ভাৰতত এখন ৰাজ্য আছে য’ত অসম বিজেপিয়ে ‘ৰাজ্য দিৱস’ৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনায়। যিজনে ভাৰতক চীনা সৈন্য লগত লৈ অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল। এইজন আক্ৰমণকাৰীক নায়ক সজাই ভাৰত বিৰোধী সশস্ত্ৰ সংগঠন আলফাই।‘ অসম সম্পৰ্কে সম্যক জ্ঞান নথকা তথাকথিত বুদ্ধিজীৱীগৰাকীয়ে প্ৰথম টুইটত এই দৰে লিখে।

অৱশ্যে, কিছু সময় পাছত তেওঁ এই পোষ্টটো ডিলিট কৰি তাতে ক্ষান্ত নাথাকি পুনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এটা টুইট লিখে।

অসমক শত্ৰুজ্ঞান কৰা বিতৰ্কিত বুদ্ধিজীৱীগৰাকীয়ে দ্বিতীয় টুইটত লিখি কয়, ‘কি কাৰণত সৰ্বানন্দ সোণোৱালে নিয়মীয়াকৈ চীনা আক্ৰমণকাৰী আৰু তেওঁৰ সৈন্যবাহিনীৰ জন্মদিৱস উদযাপন কৰে? ঠিক সেইদৰে কিয় নিষিদ্ধ ঘোষিত সংগঠন আলফাই চীনা আক্ৰমণকাৰীসকলৰ দিৱস উদযাপন কৰে? কিয় বিজেপি চৰকাৰে ভাৰত চৰকাৰৰ ধন চীনা আক্ৰমণকাৰীৰ মূৰ্তি নিৰ্মাণ কৰাৰ নামত খৰচ কৰে?’