NORTHEAST NOW (Assamese)
অসম

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্য্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 3:55 pm

অসম চৰকাৰে বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসমৰ বিভিন্ন প্ৰান্তত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

চিৰাং জিলাতো সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে চিৰাং জিলা সমগ্ৰ শিক্ষা অসমৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰী সকলে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে দীৰ্ঘদিনৰ পৰা তেওঁলোকক বঞ্চিত কৰি থকা বুলি অভিযোগ উত্থাপন কৰে।

আনহাতে, আগন্তুক দিনত চৰকাৰে ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলৰ দাবী সমূহ পুৰণ নকৰিলে অধিক আন্দোলন গঢ়ি তোলা হ’ব বুলি কয়।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

চিৰাং জিলাৰ লগতে মৰিগাঁও জিলাতো মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি চৰকাৰলৈ স্মৰকপত্ৰ প্ৰেৰণ কৰে।