NORTHEAST NOW (Assamese)
অসম

এন আৰ চি : নগাঁৱটো প্ৰতীক হাজেলাৰ বিৰুদ্ধে আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

Posted by: এন ই নাও নিউজ September 13, 2018 9:21 pm
এন আৰ চি : নগাঁৱটো প্ৰতীক হাজেলাৰ বিৰুদ্ধে আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ৰাজ্যৰ আন জিলাৰ লগতে আজি নগাঁৱতো ছাত্ৰ সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ক ‘এ’ তালিকাভুক্ত লিগেচী ডাটাসহ ১৫ বিধ নথিৰ ভিতৰত পাচঁ প্ৰকাৰৰ গুৰুত্বপূৰ্ণ নথি এচ অ’ পিৰ পৰা প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ দিয়াৰ বিৰোধিতা কৰাৰ লগতে সম্পূৰ্ণ খচৰা তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকক সঠিকভাবে কাৰণ দৰ্শোৱাৰ দাবীত আমছুৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

জিলাখনৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰ নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘটটোত অংশ গ্ৰহণ কৰে। ধৰ্মঘটস্থলীত প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড লৈ প্ৰতিবাদী ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰতিবাদীকাৰী সকলে ‘প্ৰতীক হাজেলা হায় হায়, হাজেলাৰ ম‌ইমতালি নচলিব, শুদ্ধ এন আৰ চি হ’বই লাগিব’ আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ নগাঁৱৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

প্ৰতিবাদৰ পিছত ছাত্ৰ সংগঠনটোৰ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ মহাপঞ্জীয়কলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন, আমছুৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক আব্দুল আজিজ প্ৰমুখ্যে ভালে কেইগৰাকী নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

তাৰোপৰি সদৌ অসম সংগ্ৰাম পৰিষদ, অসম সংখ্যালঘু জাতীয় উন্নয়ন পৰিষদ, চি চি এম অ’কে ধৰি কেইবাটাও সংখ্যালঘু সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদী কাৰ্যসূচীটোত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়।