NORTHEAST NOW (Assamese)
অসম

আছুৰ চহিদ দিৱসত মাৰ্ঘেৰিটাত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা

Posted by: মানস প্ৰতিম গগৈ December 10, 2018 6:37 pm
Marghetrita

‘ৰাষ্ট্ৰযন্ত্ৰৰ শোষণে বৰ্তমান অসমৰ নৱপ্ৰজন্মক সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষণ কৰিছে’ শীৰ্ষক সাম্প্ৰতিক সময়ৰ ৰাজ্যৰ এক বহুচৰ্চিত বিষয়ক লৈ আজি আছুৰ চহিদ দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত সদৌ অসম ভিত্তিত “যুক্তি-বান“ নামেৰে এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সুঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাতো স্থানীয় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চহিদ দিৱস পালন কৰা হয়। উক্ত কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ত গগৈয়ে৷

ইয়াৰ পিছতে আঞ্চলিক সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে স্মৃতি তৰ্পণ আৰু প্ৰয়াত ছাত্ৰ নেতা ৰঞ্জন বড়োৰ জ্যেষ্ঠ ভাতৃ দিব্য প্ৰসাদ বড়োৱে ৰঞ্জন বড়োৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। আনহাতে উক্ত অনুষ্ঠানতে আছুৰ তৰফৰ পৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ, সাংবাদিক মানস প্ৰতিম গগৈ, প্ৰসান্ত চেতিয়া আৰু শ্যামল নেওগক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় দুকুৰি তাৰ্কিকে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখনত দুলীয়াজান মহাবিদ্যালয়ৰ অমী বড়াই শ্ৰেষ্ঠ আৰু কলীয়াবৰ কলেজৰ ৰিদীপ কুমাৰ বৰাই দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছন্দোপল শইকীয়া আৰু অভিষেক কাব্ৰাই শ্ৰেষ্ঠ দল আৰু চয়নীকা বুঢ়াগোঁ‌হাই আৰু প্ৰহেলীকা শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷

পিছত বিজয়ী প্ৰতিযোগীসকলক ট্ৰফী, মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে সন্ধিয়া মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ চহিদ বেদীত ৮৫৫ গৰাকী চহিদক সন্মান জনাই বন্তী প্ৰজ্বলন কৰা হয়৷