NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰে অসমৰ পাঁচখন জিলাত মুকলি হ’ব টাইকোৱাণ্ডোৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম November 18, 2020 9:06 am

বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমিত সদৌ অসম টাইকোৱাণ্ডো সংস্থাই এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

কন্দৰ্প হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত অসমীয়া প্ৰতিদিনৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদিক নিৰঞ্জন হাজৰিকাক সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ বিশেষ ক্ৰীড়া সাংবাদিক বঁটা প্ৰদান কৰা হয়।

এখন ফুলাম গামোচা, এটা স্মাৰক আৰু এখন প্ৰশংসা পত্ৰৰে এই বঁটা প্ৰদান কৰে টাইকোৱাণ্ডো সংস্থাৰ বিষয়ববীয়া সকলে।

সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ সভাপতি অৰ্জুন চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰঞ্জন হাজৰিকাই বঁটা গ্ৰহণ কৰি টাইকোৱাণ্ডোৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত অসমত এক নতুন ধাৰাৰ সৃষ্টি কৰিব পাৰে বুলি আশা প্ৰকাশ কৰে।

তেওঁ গ্ৰাম্যঞ্চলত টাইকোৱাণ্ডোৰ প্ৰসাৰতাৰ বাবে আহ্বান জনোৱাৰ লগতে মহিলাৰ আত্মৰক্ষাৰ ক্ষেত্ৰত টাইকোৱাণ্ডোৱে বিশেষ ভূমিকা পালন কৰিব বুলিও উল্লেখ কৰে।

ইফালে সভাত বিশ্বনাথৰ এগৰাকী বিশিষ্ট চিকিৎসক ডঃ অমল শইকীয়া, সদৌ অসম টাইকোৱাণ্ডো সংস্থাৰ কাৰ্যবাহী বিষয়া ভাস্কৰ ৰঞ্জন দাস, চেম্পিয়ন মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাস, বিশ্বনাথ জিলা টাইকোৱাণ্ডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱা, শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

বিশ্বনাথত অনুষ্ঠিত হোৱা উক্ত সংস্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ পিছত এক অভিনন্দন অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানৰ শেষত অনুষ্ঠিত হোৱা এক সংবাদমেলত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ বিষয়ববীয়া সকলে অসমত টাইকোৱাণ্ডোৰ সম্প্ৰসাৰণৰ বাবে বিশেষ ব্যবস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে।

টাইকোৱাণ্ডো সন্থাৰ বিষয়ববীয়া সকলে অসমৰ পাঁচখন জিলাত টাইকোৱাণ্ডোৰ বিশেষ প্ৰশিক্ষণৰ কেন্দ্ৰ মুকলি কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰে প্ৰথমখন বিশ্বনাথ চাৰিআলিত স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।