NORTHEAST NOW (Assamese)
Popular Stories

ঔৰংজেৱৰ বংশধৰৰ বাহিৰে সকলোকে সংঘলৈ আদৰণি: মোহন ভাগৱত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2025 1:15 pm
ঔৰংজেৱৰ বংশধৰৰ বাহিৰে সকলোকে সংঘলৈ আদৰণি: মোহন ভাগৱত

নাগপুৰত ঔৰংজেৱৰ সমাধিক লৈ শেহতীয়া বিতৰ্কৰ পিছত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। প্ৰথমে আৰ এছ এছে দাবী কৰিছিল যে ঔৰংজেৱৰ বিষয় বৰ্তমান অপ্ৰাসংগিক। কিন্তু ঔৰংজেৱ প্ৰসংগত এইবাৰ মুখ খুলিলে সংঘৰ প্ৰধান মোহন ভাগৱতে।  তেওঁ কয় যে, ঔৰংজেৱৰ বংশধৰ, অৰ্থাৎ তেওঁৰ মতাদৰ্শত বিশ্বাসীৰ বাহিৰে সকলোকে সংঘলৈ আদৰণি জনোৱা হৈছে।

বাৰাণসীত তিনিদিনীয়া ভ্ৰমণত থকা ভাগৱতে কালি এক অনুষ্ঠানত আংশগ্ৰহণ কৰি কয় ‘ভাৰত মাতা কি জয়’ বুলি ক’ব পৰা আৰু ‘গেৰুৱা পতাকাক’ সন্মান জনোৱা সকলোৰে বাবে শাখা মুকলি। তেওঁৰ মতে, পূজাৰ পদ্ধতিৰ ভিন্নতাৰ বাবে সংঘত কাৰো প্ৰতি বৈষম্য নাই। কিন্তু তেওঁ ঔৰংজেৱৰ বিষয় উত্থাপন কৰি কয়, তেওঁৰ বংশধৰ বুলি গণ্য কৰাসকলৰ বাহিৰে সকলো ভাৰতীয় শাখাৰ অংশ হ’ব পাৰে। আমাৰ সংস্কৃতি এক।

উল্লেখ্য যে ঔৰংজেবৰ সমাধিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে সৃষ্টি হোৱা নাগপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত আৰ এছ এছৰ নেতৃত্বই প্ৰথমে দাবী কৰিছিল যে ঔৰংজেব বিতৰ্ক বৰ্তমান যুগত অপ্রাসংগিক৷ কিন্তু সেই বক্তব্যৰ দুদিনৰ পাছতে আৰ এছ এছৰ সহযোগী দত্তত্ৰেয় হোছবালে নিজৰ স্থিতি প্ৰত্যাহাৰ কৰি কয় যে, ঔৰংজেবৰ নীতি ভাৰতীয় সংস্কৃতিৰ সৈতে কোনো কাৰণতে সামঞ্জস্যপূৰ্ণ নহয়। এই দেশৰ প্ৰেক্ষাপটত ধৰ্মনিৰপেক্ষ হিচাপে পৰিচিত ঔৰংজেবৰ জেষ্ঠ দাৰা শিকোহ বহুত বেছি গ্ৰহণযোগ্য বুলি মতপ্ৰকাশ কৰে।

বিৰোধীয়ে অভিযোগ কৰিছে যে মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে ঔৰংজেৱক কেন্দ্ৰ কৰি হিন্দু ভোটৰ মেৰুকৰণৰ বাবে এই অশান্তিৰ প্ৰচাৰ কৰিছে। এইতিয়া ভাগৱতৰ শেহিতীয়া মন্তব্যই এই মেৰুকৰণৰ প্ৰাসংগিকতাক পুনৰ স্পষ্ট কৰি তুলিছে।