NORTHEAST NOW (Assamese)

প্ৰচণ্ড শীতৰ বাবে গুৱাহাটীৰ সকলো চৰকাৰী স্কুল ৬ জানুৱাৰীলৈ বন্ধ ঘোষণা

December 30, 2025 7:54 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত অব্যাহত থকা তীব্ৰ শীতৰ প্ৰকোপলৈ লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা চিন্তা কৰি গুৱাহাটীৰ সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে ইতিমধ্যে এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে।

নতুন নিৰ্দেশনা অনুসৰি ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ৬ জানুৱাৰীলৈকে চৰকাৰী আৰু প্ৰাদেশিকীকৃত খণ্ডৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। এই বন্ধৰ সময়ছোৱাত বিদ্যালয়সমূহত কোনো ধৰণৰ শৈক্ষিক বা সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিদ্যালয়ৰ মুৰব্বীসকলক এই বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অৱগত কৰিবলৈ কোৱা হৈছে যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয়।

জিলা প্ৰশাসনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো এই ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে। ব্যক্তিগত বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু মংগলৰ কথা বিবেচনা কৰি বন্ধৰ সন্দৰ্ভত নিজাববীয়াকৈ সিদ্ধান্ত ল’ব পাৰিব। ইফালে বিদ্যালয়সমূহ পুনৰ খোলাৰ পাছত যাতে পাঠদান সঠিকভাৱে আৰম্ভ হয়, তাৰ বাবেও বিদ্যালয়ৰ মুৰব্বীসকলক প্ৰয়োজনীয় প্ৰস্তুতি চলাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি গুৱাহাটীত বৰ্তমান শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। মঙলবাৰে চহৰখনৰ সৰ্বনিম্ন উষ্ণতা ১৪ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ১৯ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। বুধবাৰে এই উষ্ণতা ১৩ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আগন্তুক দিনবোৰত যদি বতৰৰ অধিক অৱনতি ঘটে, তেন্তে প্ৰশাসনে প্ৰয়োজন সাপেক্ষে নতুন নিৰ্দেশনা জাৰি কৰিব পাৰে বুলিও জানিবলৈ দিছে।

Related News