NORTHEAST NOW (Assamese)
অসম

নতুন নিৰ্দেশনা : বিয়লি ৫ বজাৰ পৰিৱৰ্তে ১ বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকান,ক’ত?

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম June 30, 2021 1:08 pm
dog

বিশ্বনাথ জিলা প্ৰশাসনে ক’ভিড সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা ।

বিশ্বনাথ জিলাত শেহতীয়াকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি অব্যাহত আছে কণ্টেইনমেন্ট জ’ন ।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া SOP অনুসৰি ইতিমধ্যে গেলা মাল দোকান সমূহ বিয়লি ৫ বজাত বন্ধ কৰা নিৰ্দেশ দিছিল ।

কিন্তু বিশ্বনাথত সম্প্ৰতি বৃদ্ধি পাবলৈ ধৰা ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগ জনক হোৱা বাবে বিশ্বনাথ জিলা প্ৰশাসন ঘোষণা কৰিছে নতুন নীতি নিৰ্দেশনা ।

জিলাখনত প্ৰশাসনে ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে যে সন্ধিয়া ৫ বজাৰ পৰিৱৰ্তে দিনৰ ১ বজাতে বন্ধ কৰিব লাগিব সকলো গেলামাল দোকান ।

উল্লেখ্য বিশ্বনাথত ক’ভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই গৈ আছে।

জিলা খনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে নানা ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।