NORTHEAST NOW (Assamese)
অসম

কেইবাটাও দাবীৰ সমৰ্থনত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰতিবাদ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস May 18, 2020 5:01 pm

কেইবাটাও দাবীৰ সমৰ্থনত আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

এই কাৰ্যসূচীৰ অংশ হিচাপে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সৰভোগ শাখাই সৰভোগ হাইৱে চকত বিভিন্ন দাবী উল্লেখিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

অখিল গগৈ সহ প্ৰতিজন কাৰাবন্দীক বিনা চৰ্তে মুক্তি দিয়া, স্বাস্থ্য কৰ্মীৰ সুৰক্ষা নিশ্চিত কৰা, প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ দুৰ্নীতি বন্ধ কৰা, সকলোকে ক’ৰ’না পৰীক্ষাৰ ব্যৱস্থা কৰা, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা, কৃষকৰ ফচল চৰকাৰে ক্ৰয় কৰি বিতৰণৰ ব্যৱস্থা কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী লয়।

লকডাউন থকালৈকে শ্ৰমিক, মজদুৰক সাহায্য প্ৰদান কৰি মেহনতী শ্ৰমিক-মজদুৰক ৰক্ষা কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।

উল্লেখ্য যে, লকডাউনৰ নীতি-নিয়ম মানি চলি সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ মহিলা কৰ্মী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।