NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বিদ্যালয়ৰ সকলো বিদ্যালয়গৃহ আইছ’লেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰা হ’ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 9:13 am
sukkur-quarantine

সকলো কেন্দ্ৰীয় বিদ্যালয়ে ইয়াৰ বিদ্যালয়গৃহসমূহ COVID-19ৰ সম্ভাৱ্য ৰোগীৰ বাবে অস্থায়ী গৃহ হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিব।

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ তৰফৰ পৰা এই কথা জানিবলৈ দিয়া হৈছে।

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ফালৰ পৰা কোৱা হৈছে,’’সকলো কেন্দ্ৰীয় বিদ্যালয়ে ইয়াৰ বিদ্যালয়গৃহসমূহ COVID-19ৰ সম্ভাৱ্য ৰোগীৰ বাবে অস্থায়ী গৃহ হিচাপে ব্যৱহাৰ কৰাৰ অনুমতি দিব।দেশত কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বিদ্যালয় সংগঠনে এই সিদ্ধান্ত লৈছে।‘’

ইয়াৰ মাজতে ভাৰতত COVID-19 পজিটিভ ৰোগীৰ সংখ্যা ৮৩৪জনলৈ বৃদ্ধি পাইছে আৰু শেহতীয়া খৱৰ অনুসৰি ২০জন লোকৰ মৃত্যু হৈছে।

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত বৰ্তমান ২১ দিনীয়া লকডাউন চলি আছে।

যোৱা ১১ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না ভাইৰাছৰ সংহাৰক মহামাৰী হিচাপে ঘোষণা কৰিছিল।