NORTHEAST NOW (Assamese)
Popular Stories

কৰ’না ভাইৰাছৰ আতংক; দিল্লীত ৩১ মাৰ্চলৈ প্ৰাথমিক বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 8:11 pm
Coronavirus

ভয়াবহ কৰ’না ভাইৰাছৰ ভাৰতত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সকলো প্ৰাথমিক বিদ্যালয় ৩১ মাৰ্চ পৰ্য্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

দিল্লী চৰকাৰৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনিষ চিচোদিয়াই পঞ্চম শ্ৰেণীলৈ প্ৰাথমিক বিদ্যালয় সমূহ ৩১ মাৰ্চ পৰ্য্যন্ত বন্ধ ৰখাৰ বাবে জাননী জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে।

প্ৰাথমিক বিদ্যালয় সমূহলৈ জাননী জাৰি কৰাৰ লগতে যিবোৰ বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই সমূহ বিদ্যালয়লৈও জাননী প্ৰেৰণ কৰা হৈছে বুলি চিচোদিয়াই কয়।

দেশত কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত মাংস বিক্ৰী বন্ধ কৰা হৈছে।

‘‘কৰ’না ভাইৰাছ যাতে সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে মাংস বিক্ৰী, মুকলি স্থানত মাছ বিক্ৰী জিলাখনত বন্ধ কৰা হৈছে,’’ জিলা মেজিষ্ট্ৰেট অভিষেক প্ৰকাশে কয়।

হোটেল আৰু ৰেষ্টুৰেণ্ট সমূহকো পৰিষ্কাৰ-পৰিচন্নতা বৰ্তাই ৰখাৰ বাবে আহ্বান জনোৱা হৈছে বুলি তেওঁ লগতে কয়।

চুবুৰীয়া চীনৰ পাছত ভাৰততো কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছত এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

মোদী চৰকাৰে বিমান বন্দৰ সমূহত নিৰীক্ষণ সেৱা বৃদ্ধি কৰিছে। ভাৰতে দক্ষিণ কোৰিয়া আৰু ইটালীৰ পৰা আহিবলগীয়া সকলো ধৰণৰ পৰ্যটকৰ আগমণ বাতিল কৰিছে।