NORTHEAST NOW (Assamese)
Popular Stories

আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 8:03 am

২০২৩ চনৰ ১ ডিচেম্বৰৰ পৰা দেশত বহু পৰিৱৰ্তন হ’বলৈ গৈ আছে। মূলতঃ চিম কাৰ্ডৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন আহিব। কেন্দ্ৰীয় চৰকাৰে ছিম কাৰ্ডৰ বাবে নতুন নিয়ম আনিছে আৰু ই ১ ডিচেম্বৰৰ পৰা বলবৎ হ’ব।

নতুন ছিম কাৰ্ডৰ নিয়ম উলংঘা কৰিলে ১০ লাখ টকাৰ জৰিমনা আৰু কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে। সেয়ে, ছিম কাৰ্ডৰ নতুন নিয়মবোৰ বিতংভাৱে জানো আহক।

২০২৩ চনৰ আগষ্ট মাহত প্ৰকাশিত নতুন নিৰ্দেশনা

চলিত বৰ্ষৰ আগষ্ট মাহত চৰকাৰে নতুন ছিম কাৰ্ডৰ ক্ষেত্ৰত নতুন গাইডলাইন জাৰি কৰিছিল, যিটো ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। নতুন গাইডলাইন জাৰি কৰাৰ সময়ত চৰকাৰে জনায় যে বিগত ৮ মাহত দেশত ৫২ লাখ মোবাইল সংযোগ বন্ধ হৈ পৰিছে, আৰু ৬৭ হাজাৰ ডিলাৰক ব্লেকলিষ্ট কৰা হৈছে। প্ৰায় ৩০০ ছিম ডিলাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে। ভুৱা ছিম কাৰ্ড চক্ৰৰ সৈতে জড়িত প্ৰায় ৬৬ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে।

ছিম কাৰ্ড ২০২৩ৰ বাবে নতুন নিয়ম

ছিম ডিলাৰ ভেৰিফিকেচন

ছিম কাৰ্ড বিক্ৰী কৰা সকলো ডিলাৰে পুলিচ ভেৰিফিকেচন কৰিব লাগিব। যদি কোনো ডিলাৰে এই কাম নকৰি ছিম কাৰ্ড ব্যাপক হাৰত বিক্ৰী কৰে তেন্তে তেওঁক ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে আৰু কাৰাদণ্ড বিহা হ’ব পাৰে। সকলো ছিম ডিলাৰে বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।

ডুপ্লিকেট ছিমৰ বাবে আধাৰ

যদি কিবা কাৰণত আপোনাৰ নম্বৰৰ বাবে নতুন ছিম কাৰ্ড পায় তেন্তে পুনৰ আধাৰ কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণ দিব লাগিব।

সীমিত ছিম কাৰ্ড

এতিয়া এটা আইডি কাৰ্ডত মাত্ৰ সীমিত সংখ্যক ছিম কাৰ্ডহে প্ৰদান কৰা হ’ব। যদি কোনোবাই ব্যৱসায় চলায় তেন্তে তেওঁ অধিক ছিম পাব পাৰে। এজন সাধাৰণ লোকে এটা আইডিত সৰ্বাধিক ৯ খন ছিম কাৰ্ড লব পাৰে।

চিম কাৰ্ড নিষ্ক্ৰিয় কৰণ

নতুন নিয়ম অনুসৰি নম্বৰটো বন্ধ হোৱাৰ ৯০ দিনৰ পিছতহে সেই নম্বৰৰ পৰা এখন নতুন ছিম কাৰ্ড জাৰি কৰা হ’ব। ছিম বন্ধ হোৱাৰ লগে লগে একে নম্বৰৰ পৰা নতুন ছিম জাৰি কৰা নহ’ব।