NORTHEAST NOW (Assamese)
অসম

ষ্টেডিয়াম নিৰ্মাণত ব্যাপক দুৰ্নীতি; ফ্লাড লাইটৰ ১ কোটি টকা কাম নকৰাকৈ আত্মস্যাৎ কৰাৰ অভিযোগ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 9, 2020 6:47 am
20201008_204712

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত উত্থাপিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতিৰ অভিযোগ।

এইবাৰ আমগুৰি মিনি ষ্টেডিয়ামত চাৰিটা ফ্লাডলাইট স্থাপনৰ বাবদ আৱন্টিত ১ কোটি টকা কাম নকৰাকৈ আত্মস্যাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে।

ফ্লাড লাইট স্থাপনৰ ২০ শতাংশ কাম সম্পূৰ্ণ নোহোৱাকৈ ঠিকাদাৰক কাম সম্পূৰ্ণৰ প্ৰমান পত্ৰ দিয়াৰ অভিযোগ উঠিছে কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষতে মুখ্যমন্ত্ৰী ছিগনেশ্বাৰ আঁচনিৰ শিতানত আমগুৰিত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ক’ৰণাৰ বাবে কিছুদিনৰ বাবে বন্ধ হৈ পৰে কাম কাজ।

বৰ্তমান আকৌ কাম আৰম্ভ হৈছে যদিও পোহৰলৈ আহিছে ষ্টেডিয়াম নিৰ্মাণত সংঘটিত এক দুৰ্নীতি।

ঠিকাদাৰ জনৈক বৰা আৰু কনিষ্ঠ অভিযন্তা জনৈক বৰদলৈয়ে মিনি ষ্টেডিয়ামত চাৰিটা ফ্লাড লাইট নিৰ্মাণৰ বাবে আৱন্টিত ১ কোটি টকা ফ্লাড লাইট স্থাপন নকৰাকৈয়ে আত্মসাৎ কৰা বুলি অভিযোগ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আটাছুৱে।

ষ্টেডিয়ামৰ নিৰ্মাণৰ দুৰ্নীতি অনিয়ম দেখিও চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে।

সংগঠন দুটাই ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে অভিযন্তা আৰু ঠিকাদাৰ জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।