NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্নীতিৰ বিৰোধী শ্ল’গান দিয়া সোণোৱালৰ দলেই নামিছে চৰকাৰী ভূমি বেদখলত!

Posted by: এন ই নাও নিউজ December 8, 2018 10:58 pm
sarbanand-sonowal-

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱালৰ নিজা দলেই এইবাৰ নামি পৰিছে চৰকাৰী ভূমি বেদখলত। এই অভিযোগ অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ।

শণিবাৰে গুৱাহাটীৰ জু-ৰোড তিনিআলিস্থিত অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বেজবৰুৱাই কয়, ‘দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা সোণোৱাল চৰকাৰৰ শূণ্য সহনশীলতা ধোৱাচাঙত, কিয়নো তেওঁৰে দলৰে কৰ্ম-কৰ্তাই দলে বলে চৰকাৰী মাটি দখল কৰিলে।‘

Asom Sangrami Mancha
অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

বিজেপিৰ কৰ্মকৰ্তাই ডিচেম্বৰৰ প্ৰথম ভাগতেই গুৱাহাটীৰ বশিষ্ঠ বৰসজাইস্থিত জলসম্পদৰ ভূমি দখল কৰাৰ অভিযোগ আনি ‘এনেধৰনৰ ঘটনাৰ দ্বাৰা বিজেপি দলৰ নীতি আদৰ্শ বা আইনৰ প্ৰতি কোনো শ্ৰদ্ধা নাই’ বুলি বেজবৰুৱাই বিজেপিক কটাক্ষ কৰে।

তেওঁ লগতে কয়, ‘গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত এটুকুৰা মাটিৰ পত্তাৰ বাবে আন্দোলন কৰি প্ৰাণ আহুতি দিয়া চহিদৰ পৰিয়ালৰ ওচৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোমোৱালে ক্ষমা খোজা উচিত।‘

বেজবৰুৱাৰ মতে ‘সঘনাই খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে হৰিশংকৰ ব্ৰহ্ম সমিতিৰ ভূমি নীতি সন্দৰ্ভত পৰামৰ্শ লাভ কৰাৰ পিছতো খিলঞ্জীয়া মানুহৰ ভূমি স্বত্ব অধিকাৰ প্ৰদানৰ বাবে নতুন ভূমি আইন প্ৰস্তুতিৰ কাম বৰ্তমানো আৰম্ভ হোৱা নাই।‘

আজিৰ সংবাদমেলৰ জৰিয়তে বেজবৰুৱাই গুৱাহাটীত অব্যবহৃত চৰকাৰী ভূমিত বছৰ বছৰ ধৰি ঘৰ সাজি বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰিবৰ বাবেও চৰকাৰক দাবী জনায়।