NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ফ’ৰলেন নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ, কাম নকৰাকৈয়ে ধন মোকলালে GDCL এ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 25, 2022 6:00 pm
Four lane construction in Sivasagar

শিৱসাগৰত ফ’ৰলেন নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হৈছে। সম্পূৰ্ণ নাই হোৱা ১০ শতাংশ কাম।

কাম নকৰাকৈয়ে ধন মোকলাই নিলে ঠিকাদাৰী প্ৰতিষ্ঠান GDCLয়ে। এই অভিযোগ উত্থাপন কৰিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ তুলি GDCL ৰ বিৰুদ্ধে গৰজি উঠে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে NHIDCL ৰ কাৰ্যবাহী সঞ্চালক পংকজ সিঙকো শাস্তি প্ৰদানৰ দাবী জনায়।

উল্লেখ্য যে, শিৱসাগৰৰ জাঁজীৰ পৰা ডিমৌ আৰু ডিমৌৰ পৰা মৰাণলৈ ফৰলেন নিৰ্মাণৰ কাম বিগত চাৰিমাহ ধৰি বন্ধ হৈ আছে। এই অংশৰ মূল কামৰ ঠিকা লাভ কৰিছিল GDCLনামৰ প্ৰতিষ্ঠানটোৱে।

প্ৰতিষ্ঠানটোৱে KCC আৰু KAPASI নামৰ দুটা কোম্পানীক ফ’ৰলেন নিৰ্মাণ কাৰ্যত ঠিকাৰ অংশীদাৰিত্বও প্ৰদান কৰিছিল।

কিন্তু GDCL য়ে দীৰ্ঘদিন ধৰি KCC আৰু KAPASI ক বিলৰ ধন মোকলাই নিদিয়াৰ অভিযোগ তুলিছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

বিলৰ ধন আদায় নকৰাৰ বাবেই যোৱা চাৰিমাহে ফ’ৰলেনৰ কাম বন্ধ হৈ আছে বুলি অভিযোগ কৰিছে সংগঠনটোৱে।

এই প্ৰসংগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি ফ’ৰলেনৰ কামত সংঘটিত অনিয়ম আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতিশীঘ্ৰে ফ’ৰলেনৰ কাম আৰম্ভ কৰাৰ দাবী জনাইছে।