NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ April 27, 2019 7:04 pm

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত মাতমৰা গাঁও পঞ্চায়তৰ এটা ৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণৰ কামত কেইবা কোটি টকা দুৰ্নীতিৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰ্যালয়ৰ দ্বাৰা অনুমোদিত আৰু গড়কাপ্তানি বিভাগ লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ দ্বাৰা ৰূপায়িত ৯,৭৮,১৭,৭৭৭টকাৰ পিঠিয়াল আৰু পাপুং গাঁও সংযোগী পথটোৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঠিকাদাৰে পথটোৰ নিৰ্মাণত নিম্ন-মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পথৰ দুয়োকাষে থকা হাবি-বন ছাফা নকৰাকৈয়ে মাটি পেলোৱাৰ কাম চলাই আছে।

আনহাতে পথৰ কাষত লগোৱা ফলকখনটো কাম আৰম্ভণিৰ তাৰিখ আৰু কাম শেষ কৰিবলগীয়া তাৰিখৰ বিষয়ে উল্লেখ নাই।

পথটোৰ নিৰ্মাণত ঠিকাদাৰে চলোৱা দুৰ্নীতিৰ সম্পৰ্কে গাঁওবাসীয়ে লখিমপুৰ গড়কাপ্তানি বিভাগৰ সংশ্লিষ্ট অভিযন্তাক অৱগত কৰিছে যদিও বিভাগটোৱে এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰে।

উল্লেখযোগ্য যে উক্ত পথটোৰ উপৰি একেটা গড়কাপ্তানি পথ সংমণ্ডলৰ অধীনৰ ঢকুৱাখনাৰ ডিমাৰুগুৰি অন্তৰ্গত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত চলা ১.৫ কিঃমিঃ দৈৰ্ঘ্যৰ আমগুৰি-ন দীঘলি পথৰ নিৰ্মাণৰ কামতো ৮৫,৫১,৯৭২টকাৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে।