NORTHEAST NOW (Assamese)
Popular Stories

অল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’: বলীউদ-হলীউদৰ সৈতে ফেৰ মাৰি দুদিনতে ১০০কোটি টকাৰ ব্যৱসায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2021 9:31 am
Puspa

বক্স অ’ফিচত চলিছে ‘পুষ্পা: দ্য ৰাইজ’। অল্লু অৰ্জুনৰ দক্ষিণৰ ছবিখনে মুক্তি লাভ কৰাৰ তৃতীয়টো দিনতেই সমগ্ৰ বিশ্বত ১০০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

হিন্দীকে ধৰি তামিল, তেলেগু, মালয়ালম আৰু কানাড়াত মুক্তিপ্ৰাপ্ত ছবিখনে হলীউদৰ সৰ্বাধিক চৰ্চিত ‘স্পাইডাৰমেন: নো ওৱে হোম’ৰ সৈতে বক্স অ’ফিচত ফেৰ মাৰিছে।

বাতৰি অনুসৰি, মুক্তি পোৱাৰ দুদিনতে সমগ্ৰ বিশ্বত ‘পুষ্পা’ই ১০০কোটি টকাৰ ব্যৱসায় কৰিছে। আমেৰিকাত এই ছবিখনে ১৩ লাখ ডলাৰ উপাৰ্জন কৰিছে।

বৰ্তমান ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে ৰমৰমীয়া ব্যৱসায় কৰিছে। চন্দন কাঠৰ চোৰাং ব্যৱসায়ী পুষ্পা ৰাজৰ কাহিনীৰে নিৰ্মিত ছবিখনে অষ্ট্ৰেলিয়াতো ইতিমধ্যে কমেও ৯১লাখ টকাৰ ব্যৱসায় কৰিছে।

দক্ষিণৰ অভিনেতা অল্লু অৰ্জুনে নিজৰ ছবিৰ প্ৰতি থকা প্ৰগাঢ় বিশ্বাসৰ বাবেই প্ৰতিযোগিতামূলক পৰিস্থিতিটোৰ মাজতো নিশ্চিত হৈ আছিল।

Pushpa-Movie

ছবিখনৰ মুক্তিৰ পূৰ্বে ভাৰতীয় দৰ্শকে যে ছবিখন আদৰি ল’ব সেই বিষয়ে নিশ্চিত হৈ আছিল অল্লু অৰ্জুন।

‘পুষ্পা: দ্য ৰাইজ’ত অল্লু অৰ্জুনৰ উপৰি আছে ৰশ্মিকা মন্দনা, ফহাদ ফাচিক তথা সামন্থা প্ৰভুৰ দৰে শিল্পীসকল।

অক্ষয় কুমাৰৰ ‘সূৰ্যবংশী’ৰ পাছতে ‘পুষ্পা: দ্য ৰাইজ’য়ে বক্স অ’ফিচত অধিক সাফল্য লাভ কৰা বুলি বাণিজ্যিক সূত্ৰসমূহে দাবী কৰিছে।