NORTHEAST NOW (Assamese)
অসম

ব্যৰ্থ জয়সাগৰ আৰক্ষী; শিৱসাগৰৰ ৰূদ্ৰসাগৰত দিন দুপৰতে লক্ষাধিক টকাৰ সমাগ্ৰী লুট

Posted by: ৰাজীৱ দত্ত August 30, 2018 9:57 pm
চুৰিকাণ্ড
শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰূদ্ৰসাগৰত আজি দিনদুপৰতে ঘৰত কোনো নথকাৰ সুযোগ লৈ হেমকান্ত দাস নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা প্ৰায় চাৰিলক্ষাধিক টকাৰ সোনৰ আ অলংকাৰ চোৰ চুৰি কৰি নিয়ে।
জানিব পৰা মতে হেমকান্ত দাস নামৰ ব্যক্তিজনে পৰিয়ালসহ আজি পুৱাৰ ভাগত শিৱসাগৰ নগৰৰ আত্মীয়ৰ ঘৰত বিয়া খাবলৈ যায়।
কিন্তু বিয়াৰ ঘৰৰ পাৰ ঘৰলৈ ঘূৰি আহি ঘৰৰ মূল দৰ্জাৰ তলা ভঙা অৱস্থাত থকা প্ৰত্যক্ষ কৰাতহে চুৰি হোৱা সম্পৰ্কত জানিব পাৰে।
ইতিমধ্যে জয়সাগৰ আৰক্ষী চকীত চুৰি হোৱা ঘটনা সন্দৰ্ভত হেমকান্ত দাসে লিখিতভাৱে এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে এটা পষেকৰ পূৰ্বে ৰূপহীমুখ গাঁৱৰ গাওঁবুঢ়া প্ৰশান্ত হাজৰিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দিনদুপৰতে ঘৰৰ দৰ্জা ভাঙি লক্ষাধিক টকাৰ সোনৰ আ অলংকাৰ ,টকা পইচা আদি লুট কৰি নিছিল।
ফলত হাজৰিকাই জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰিয়ে দায়িত্ব সামৰি থয়।
গতিকে জনসাধাৰণক নিৰাপত্তা দিয়াত শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকী সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে।