NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰৰ কাথপাৰত সম্পন্ন ৫২ গৰাকী পুৰুষৰ সমূহীয়া শৰণ পৰ্ব; গায়ন-বায়নেৰে মুখৰিত পৰিৱেশ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ June 12, 2022 1:47 pm
শিৱসাগৰৰ কাথপাৰত সম্পন্ন ৫২ গৰাকী পুৰুষৰ সমূহীয়া শৰণ পৰ্ব; গায়ন-বায়নেৰে মুখৰিত পৰিৱেশ

শিৱসাগৰ কাথপাৰাত আজি ঐতিহাসিক শ্ৰী শ্ৰী নিত্যানন্দদেৱ থানত পবিত্ৰ শৰণ তথা দীক্ষা গ্ৰহণ পৰ্ব সম্পন্ন কৰা হয়।

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়া মৰা সমাজৰ শৰণ কাৰ্য সম্পন্ন হয়।

ফটো: নৰ্থইষ্ট নাও।

ব্ৰতে-বিধানে থাকি পুৱাৰ পৰাই শৰণ কাৰ্যত ভাগ লয় অঞ্চলটোৰ ৫২ গৰাকী পুৰুষ মহিলাই।

গুৰু সেৱা কৰি মূৰত কল পাতেৰে মেৰিওয়া তামোল পাণ লৈ নদীত স্নান কৰি  আশীৰ্বাদ গ্ৰহণ কৰে শৰণীয়া সকলে।

ফটো: নৰ্থইষ্ট নাও।

ডিব্ৰুগড়ৰ মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী সচিদানন্দ দেৱে শৰণ প্ৰদান কৰে অঞ্চলটোৰ ৫৬ গৰাকী পুৰুষ-মহিলাক।