NORTHEAST NOW (Assamese)
অসম

বাশবাৰীত ‘আমাৰ’ এনজিঅ’ৰ উদ্যোগত যুৱ ক্লাৱ উন্নয়ন কাৰ্য্যসূচী পালন

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী October 28, 2020 1:55 pm

মঙলবাৰে বিয়লি বঙাইগাঁও জিলাৰ বাশবাৰীত “আমাৰ” এনজিঅ’ৰ উদ্যোগত বঙাইগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত এখনি যুৱ ক্লাৱ উন্নয়ন কাৰ্য্যসূচী অনুষ্ঠিত হয়।

জুহুৰুল হক সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে “আমাৰ” এনজিঅৰ সভাপতি আমিৰ হুছেইনে।

সভাত বঙাইগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ সমন্বয়ক জিতেন্দ্ৰ সিঙে নিজৰ ভাষণত বৃহত্তৰ বাশবাৰী অঞ্চলৰ যুৱ সমাজক উৎসাহিত কৰাৰ লগতে কিদৰে বিভিন্ন ক্ষেত্ৰত আগুৱাই নিব পাৰি সেই সম্পৰ্কে এনজিঅ’ৰ কৰ্ম কৰ্তা সকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

সভাত কোষাধ্যক্ষ কামাল উদ্দিন বৰভূঞাই কয়, ‘যুৱ সমাজৰ প্ৰতিনিধি সকলে খেল-ধেমালিৰ পৰা আৰম্ভ কৰি কৃষি কৰ্মৰ লগতে আন ক্ষেত্ৰতো আগুৱাই যাব লাগিব’।

সভাত উপস্থিত থাকে ক্ৰমে এনজিআৰ সাধাৰণ সম্পাদক ৰফিজুল হক সৰকাৰ, অমৰ সঞ্চয় ও ৠণ ধাৰ বিতৰণ সমবায় সমিতিৰ সভাপতি শ্বহিদুল ইছলাম খন্দকাৰ, সম্পাদক আমিনুৰ ইছলাম, জ্ঞান বিকাশ জাতীয় বিদ্যালয়ৰ উপ অধক্ষ্যা ছাবিৰণ বেগম, লগতে অঞ্চলটোৰ প্ৰায় ২০ টাকৈ যুৱ ক্লাৱৰ সভাপতি, সম্পাদক প্ৰমুখ্য কৰি ৰাইজ, এনজিঅ’ৰ কৰ্ম-কৰ্তা সকল।