NORTHEAST NOW (Assamese)
দেশ

অমৰনাথ যাত্ৰা: তীৰ্থযাত্ৰীৰ বাবে বাধ্যতামূলক আধাৰ প্ৰমাণীকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2022 10:13 am
Amarnath Yatra

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে দুটা বছৰৰ বিৰতিৰ পিছত পুনৰ মুকলি কৰা হৈছে অমৰনাথ যাত্ৰা। অহা ৩০ জুনৰ পৰা ১১ আগষ্টলৈ তীৰ্থযাত্ৰী সকলৰ বাবে অমৰনাথ যাত্ৰা মুকলি কৰা হৈছে।

এইবাৰ অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া তীৰ্থযাত্ৰীৰ বাবে আধাৰ কাৰ্ডৰ প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে।

সোমবাৰে জম্মু-কাশ্মীৰ প্ৰশাসনে এক বিবৃতি জাৰি কৰি অমৰনাথ যাত্ৰা কৰিব বিচৰা তীৰ্থযাত্ৰীসকলে স্বেচ্ছাই আধাৰ প্ৰমাণীকৰণ কৰিব লাগিব বুলি ঘোষণা কৰিছে।

সাধাৰণ প্ৰশাসন বিভাগৰ দ্বাৰা জাৰী কৰা এক জাননীত উল্লেখ কৰা মতে জম্মু-কাশ্মীৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন অনুসৰি অমৰনাথ তীৰ্থস্থানলৈ তীৰ্থযাত্ৰা কৰিবলৈ ইচ্ছুক তীৰ্থযাত্ৰীসকলৰ ক্ষেত্ৰত স্বেচ্ছামূলক ভাৱে আধাৰ প্ৰমাণ পত্ৰ দাখিল বাধ্যতামূলক কৰিছে।

জাননীত লগতে কোৱা হৈছে যে সুশাসনৰ বাবে আধাৰ প্ৰমাণীকৰণ নিয়ম ২০২০ ৰ পঞ্চম দফা অনুসৰি তীৰ্থযাত্ৰীসকলে এই অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত আধাৰ কাৰ্ড দাখিল কৰিব লাগিব।

উল্লেখ্য যে ২০১৯ চনত কেন্দ্ৰই জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অমৰনাথ যাত্ৰা বাতিল কৰা হৈছিল।

আনহাতে ২০২০ আৰু ২০২১ চনত ক’ভিদ মহামাৰীৰ বাবে কেৱল সাধাৰণ আচাৰ-অনুষ্ঠানখিনিহে পালন কৰা হৈছিল।

দুবছৰৰ বিৰতিৰ পাছত পুনৰ অমৰনাথ যাত্ৰা অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ তীৰ্থযাত্ৰাত এক মিলিয়নতকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।