NORTHEAST NOW (Assamese)
দেশ

‘দেউতা ঠিকেই আছে’ পিতৃৰ মৃত্যুৰ বাতৰি ভুৱা বুলি নিশ্চিত কৰিলে অমৰ্ত্য সেনৰ কন্যাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2023 6:07 pm
‘দেউতা ঠিকেই আছে’ পিতৃৰ মৃত্যুৰ বাতৰি ভুৱা বুলি নিশ্চিত কৰিলে অমৰ্ত্য সেনৰ কন্যাই

মৃত্যু হোৱা নাই অমৰ্ত্য সেনৰ। সংবাদ মাধ্যমৰ আগত এই কথা জনাইছে খোদ অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনে।

আজি বিয়লি সামাজিক মাধ্যমত বিয়পি পৰিছিল বিশিষ্ট অৰ্থনীতিবিদ তথা নোবেল বিজয়ী অমৰ্ত্য সেনৰ মৃত্যুৰ খবৰ। 

নৰ্থইষ্ট নাওৰ সন্ধান অনুসৰি এটা ভুৱা টু্ইটাৰ একাউণ্টৰ পৰা এই খবৰ বিয়পাই দিয়া হৈছিল।

এই টুইটাৰ একাউণ্টটোৰ পৰাই আৰ্থনীতিবিদ গৰাকীৰ মৃত্যুৰ মিছা বাতৰি সামাজিক মাধ্যমত বিয়পি পৰিছিল। 

এই ভুৱা বাতৰি বিয়পি পৰাৰ পিছতেই ‘পিতৃ ঠিকেই আছে’ বুলি জনাইছে নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ কন্যা নন্দনা সেনে।

নন্দনা সেনে জনোৱা মতে বৰ্তমান  পৰিয়ালৰ সৈতে কেমব্ৰিজত সুস্থ আৰু সক্ৰিয় অৱস্থাত আছে অৰ্থনীতিবিদগৰাকী।