NORTHEAST NOW (Assamese)
অসম

প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব আমাজনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 5, 2019 11:38 am
Amazon

বিশ্বৰ বৃহৎ ই-কমাৰ্চ কোম্পানী এমাজনে ২০২০ চনৰ জুন মাহৰ পৰা ভাৰতত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, আমাজনে অনলাইন ডেলিভাৰী দিয়া সামগ্ৰী সমূহ প্লাষ্টিকেৰে পেকেজিঙ কৰি পঠাইছিল।

প্ৰতিষ্ঠানটোৰ ফালৰ পৰা পৰিবেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে।

আমাজনে ২০২০ চনৰ জুন মাহৰ পাছত ভাৰতত বিক্ৰী কৰা সামগ্ৰী সমূহৰ পেকেজিঙত প্লাষ্টিৰ পৰিৱৰ্তে পেপাৰ কুশ্বন ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰে।

গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিবৰ্তনৰ সম্বন্ধে সমগ্ৰ বিশ্বত সক্ৰিয়তা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতি অনুকূল আৰু পুনৰ ব্যৱহাৰ যোগ্য সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত আমাজনে লোৱা এনে সিদ্ধান্ত নিসন্দেহে আদৰণীয়।

মুখ্য মুখ্য চহৰ, নগৰকে সামৰি আমাজনৰ এক বৃহৎ ই-কমাৰ্চ ব্যৱসায় আছে ভাৰতত।