NORTHEAST NOW (Assamese)
অসম

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিত পৰিণত মুকেশ আম্বানী, আম্বানীৰ সম্পত্তিৰ পৰিমাণ কিমান জানেনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2021 10:51 am
Ambani trumps China’s Zhong Shanshan to top Asia rich list

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী।

আম্বানীয়ে চীনত বিশুদ্ধ পানীৰ বটলৰ ব্যৱসায় কৰি ধনকুবেৰত পৰিণত হোৱা ঝং ছানছানক চেৰ পেলাই ধনী ব্যক্তিৰ তালিকাৰ প্ৰথম স্থানত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে।

ব্লুমবাৰ্গে প্ৰকাশ কৰা তালিকাত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৮ হাজাৰ ২০০ কোটি ডলাৰ হিচাবে দেখুওৱা হৈছে।ভাৰতীয় মুদ্ৰাৰ হিচাবত এই ধনৰ পৰিমাণ ৬.৬২ লাখ কোটি টকা।

তালিকাৰ দ্বিতীয় স্থানত থকা চীনৰ ধনকুবেৰ ঝং ছানছানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭ হাজাৰ ৬০০ কোটি ডলাৰ।

ইয়াৰ পূৰ্বেও কেইবাবাৰো এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছিল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰ মুকেশ আম্বানী।

কিন্তু মাজতে চীনৰ জেক মাই আম্বানীক চেৰ পেলাইছিল যদিও এইবাৰ পুনৰ আম্বানীয়ে পুনৰ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যোৱা বছৰৰ আগষ্ট মাহত ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানি বিশ্বৰ চতুৰ্থগৰাকী ধনাঢ্য ব্যক্তিৰ স্থানত উপৱিষ্ট হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্স-এ ঘোষণা কৰা তালিকাত মুকেশ আম্বানীক বিশ্বৰ চতুৰ্থ গৰাকী ধনাঢ্য ব্যক্তি বুলি কোৱা হৈছিল।

ভাৰতীয় উদ্যোগপতি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমনে মুকেশ আম্বানিয়ে জেফ্ বেজ’ছ, বিল গেটছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ পিছতে চতুৰ্থ স্থান লাভ কৰিছিল।

উল্লেখ্য যে, ফেইচবুকৰ কো-ফাউণ্ডাৰ তথা ৱিকিপিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে বিশ্বৰ তৃতীয়গৰাকী ধনাঢ্য ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

দ্য ব্লুমবাৰ্গ বিলিয়নাৰ ইনডেক্সৰ মতে মুকেশ আম্বানিয়ে যোৱা বছৰৰ জানুৱাৰী মাহৰ পিছত একেকোবে দহটা স্থান আগুৱাই আহি বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ চতুৰ্থ স্থানত উপৱিষ্ট হৈছে।

এই তালিকাত আম্বানিয়ে বাৰ্ণাৰ্ড আৰ্ণল্ড, ৱাৰেন্ট বুফেট, ষ্টীভ বালমাৰ, লাৰী পেউজ, চাৰ্গে ব্ৰীন, এলম মুস্ক আদি বিশ্বৰ বহু ধনাঢ্য ব্যক্তিক চেৰ পেলাই থৈ আহিছিল।