NORTHEAST NOW (Assamese)

আই পি এল: ডুপ্লেছি, ৰায়ড়ুৰ বেটিং পৰাক্ৰমেৰে মুম্বাইক পাঁচ উইকেটত হৰুৱালে চেন্নাইয়ে

September 20, 2020 6:50 am · এন ই নাও নিউজ
চেন্নাইৰ ৰায়ডুৰ বেটিঙৰ মুহূৰ্ত। ফটো সৌজন্য: বিচিচিআই

শনিবাৰে খেলোৱা আই পি এলৰ মেচখনত টছত জয়ী হৈ প্ৰথমে বলিং কৰি চেন্নাইয়ে মুম্বাইক ১৬২ৰাণত ইনিংছ সামৰিবলৈ বাধ্য কৰে।

বেটিং কৰিবলৈ লৈ প্ৰথমতে চেন্নাই ছুপাৰ কিংছক শলঠেকত পেলাইছিল মুম্বাই ইণ্ডিয়ানছে। কিন্তু অৱশেষত ৰায়ড়ুৰ ৪৮ আৰু ডুপ্লেছিৰ ৫৮ৰাণৰ সহায়ত চেন্নাইয়ে সহজ বিজয় সাৱ্যস্ত কৰে।

তুলনামূলকভাৱে মেচখনত চেন্নাইৰ বেটিং মুম্বাইতকৈ অধিক উন্নত আছিল। ফলত প্ৰথম মেচখনত বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয় চেন্নাই।

মুম্বাইয়ে বেটিঙত ভাল আৰম্ভণি কৰিলেও মিডল অৰ্ডাৰৰ ব্যৰ্থতাৰ বাবে বেছি ৰাণৰ লক্ষ্য বান্ধি দিয়াত ব্যৰ্থ হয় দলটো।

মুম্বাইয়ে ৯টা উইকেট হেৰুৱাই ১৬২ৰাণহে কৰিবলৈ সক্ষম হয়।

আনহাতে, প্ৰথম দুটা উইকেট হেৰুৱালেও ডুপ্লেছি আৰু ৰায়ডুৰ বেটিঙৰ সহায়ত চেন্নাইয়ে সহজ বিজয় সাৱ্যস্ত কৰিবলৈ সক্ষম হয়।

মেচত কাৰেনক নমোৱাটো ধোনীৰ মাষ্টাৰষ্ট্ৰোক হিচাপে বিবেচিত হয়। কিন্তু ধোনীৰ বেটিং বিক্ৰম চাব বিচৰাসকল কিছু হতাশ হয়। ধোনীয়ে কোনো ৰাণ নকৰাকৈ নট আউট থাকে।

পৰৱৰ্তী মেচসমূহত চেন্নাইক ইয়াৰ টপ অৰ্ডাৰৰ ফৰ্মে চিন্তাত ৰাখিব পাৰে। আনহাতে, মুম্বাইৰ বলিং আছিল একেবাৰে চোকহীন।

চেন্নাইয়ে ১৯.২ অভাৰত বিজয় সাৱ্যস্ত কৰে। উল্লেখ্য যে পাঁচবাৰ একেৰাহে পৰাজিত হোৱাৰ পাছত এইবাৰ মুম্বাইক পৰাজিত কৰিলে চেন্নাইয়ে।

Related News