NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ মহিলাক ‘কৰ’না বিয়পোৱতা’ বুলি কৈ কোইম্বাটোৰত গ্ৰেপ্তাৰ হ’ল এম্বুলেন্স চালক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2020 6:57 am
Handcuff-1024x594-1140x570

মণিপুৰৰ দুগৰাকী মহিলাক ‘কৰ’না বিয়পোৱতা’ বুলি কোৱাৰ অভিযোগত সোমবাৰে কোইম্বাটোৰৰ আৰক্ষীয়ে এজন এম্বুলেন্স চালকক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, এম্বুলেন্স চালকজনে লগতে মণিপুৰী মহিলা দুগৰাকীক ‘চীনলৈ যোৱা’বুলিও কৈছিল।

জানিব পৰা মতে, তামিলনাডুৰ কোইম্বাটোৰত বিউটিচিয়ান হিচাপে কাম কৰা মণিপুৰী মহিলা দুগৰাকীয়ে এম্বুলেন্স চালকজনে তেওঁক ‘কৰ’না বিয়পোৱতা’ বুলি কোৱাৰ পাছত চহৰখনৰ আৰক্ষীৰ ওচৰত এটা গোচৰ দিয়ে।

অভিযুক্তজনক থেনি জিলাৰ বাসিন্দা ২৭ বছৰীয়া এম ভিগনেশ বুলি চিনাক্ত কৰা হৈছে।

এম্বুলেন্স চালক হিচাপে কাম কৰা ভিগনেশে কোইম্বাটোৰৰ আজাগেছান ৰোডত থকা ছাবিবা কল’নিত বাস কৰে।

অভিযোগ অনুসৰি, দেওবাৰে সন্ধিয়া  ক্ৰমে ২১ আৰু ২৩ বছৰীয়া মহিলা দুগৰাকীয়ে আজাগেছান ৰোডত খোজ কাঢ়ি যাওতে ভিগনেশৰ মুখামুখি হৈছিল।

‘’প্ৰথমতে, তেওঁ ভদ্ৰভাৱে কথা পাতিছিল আৰু আমাক তেওঁৰ ভনী বুলি সম্বোধন কৰিছিল। অৱশ্যে, পাছত তেওঁ আমাক চীনলৈ ঘুৰি নগৈ কিয় ৰাস্তাত ঘুৰি ফুৰিছা বুলি প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল,’’-মহিলা দুগৰাকীৰ উদ্ধৃতিৰে বাতৰিত এইদৰে কোৱা হৈছে।

‘’আমি যদিও তেওঁক কৈছিলো যে আমি ভাৰতৰেই মণিপুৰৰ, তেওঁ আমাক‘কৰ’না বিয়পোৱতা’ বুলি কৈছিল,’’-এগৰাকী মহিলাই কয়।

‘’তেওঁ আমাক আক্ৰমণ কৰাৰ লগতে গালিও দিয়ে,’’-তেওঁ কয়।

‘’মই মোৰ মোবাইল কেমেৰাত ঘটনাটো ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলো আৰু তেওঁক ক্ষমা খুজিবলৈ কৈছিলো। অৱশ্যে, তেওঁ সেয়া অস্বীকাৰ কৰিছিল,’’-তেওঁ লগতে জানিবলৈ দিয়ে।

মহিলা দুগৰাকীৰ ঘৰ মণিপুৰৰ চুড়াচান্দপুৰ জিলাত।

মহিলা দুগৰাকীয়ে আজাগেছান ৰোডত থকা এটা ভাড়াঘৰত থাকে।

অভিযোগকাৰীৰ মাজৰ এগৰাকীয়ে লগতে কয় যে তেওঁ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা এইটোৱেই প্ৰথম ঘটনা নহয়।

তেওঁ কয় যে যেতিয়া তেওঁলোকে গেলামালৰ বজাৰ কৰিবলৈ যায় তেতিয়াও কিছুমানে তেওঁলোকক ‘কৰ’না’ বুলি কয়।

এনেধৰণৰ বৈষম্য সহ্য কৰিব নোৱাৰি বুলি প্ৰকাশ কৰি অভিযোগকাৰীয়ে কয় যে তেওঁলোকে এতিয়া মণিপুৰৰ গৃহ চহৰলৈ উভতি যাব।