NORTHEAST NOW (Assamese)

আমেৰিকাৰ ৰেগান বিমানবন্দৰৰ সমীপত যাত্ৰীবাহী বিমান আৰু সেনাৰ হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ

January 30, 2025 9:33 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ বাহিৰত এখন যাত্ৰীবাহী বিমান আৰু এখন সেনাৰ হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ ঘটিছে।

ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন আৰু প্ৰতিৰক্ষা বিষয়াই জনোৱা মতে, ৱাশ্বিংটন ডিচিৰ বাহিৰৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত ৬৪ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী বিমানে ৰাণৱেৰ কাষ চাপি অহাৰ লগে লগে আমেৰিকান সেনাৰ ব্লেক হক হেলিকপ্টাৰ এখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ নাই বুলি মহানগৰ আৰক্ষী বিভাগে প্ৰকাশ কৰিছে। যাত্ৰীবাহী বিমান আৰু হেলিকপ্টাৰ সংঘৰ্ষ ঘটা ডিচিৰ প’ট’মেক নদীত ব্যাপক জৰুৰীকালীন অভিযান চলি আছে।

আমেৰিকান এয়াৰলাইন্সৰ ফ্লাইট ৫৩৪২ নামৰ বিমানখনত ৬০ জন যাত্ৰী আৰু ৪ জন ক্ৰু আছিল আৰু বিমান সংস্থাটোৱে কেনছাছৰ উইচিটাৰ পৰা ৰাওনা হৈছিল।

এই ঘটনাত এখন সামৰিক হেলিকপ্টাৰ জড়িত থকা বুলি হোৱাইট হাউছে নিশ্চিত কৰিছে। ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰত সকলো বিমানৰ টেক অফ আৰু লেণ্ডিং বন্ধ কৰি দিয়া হৈছে।

Related News