NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মুখত শচীন টেণ্ডুলকাৰ, বিৰাট কোহলীৰ নাম; আই চি চিৰ কিয় উঠিল খং ??

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2020 7:17 am
D Trump on Sachin

দুদিনীয়া ভ্ৰমণ সূচীৰে সপৰিয়ালে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সোমবাৰে গুজৰাটৰ নৱনিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মোটেৰা ক্ৰিকেট ষ্টেডিয়ামত ‘নমস্তে ট্ৰম্প’ শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি প্ৰায় লক্ষ্যাধিক লোকৰ উপস্থিতিত ডনাল্ড ট্ৰাম্পে ভাষণ প্ৰদান কৰি ভাৰত আৰু আমেৰিকাৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰে।

ভাষণত ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ মাজৰ বিভিন্ন বিষয় উল্লেখ কৰাৰ লগতে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ নাম লয়।

ভাৰতত ক্ৰিকেটতৰ জনপ্ৰিয়তাৰ কথা কবলৈ গৈয়ে ট্ৰাম্পে দুয়োগৰাকী ক্ৰিকেটাৰৰ নাম উল্লেখ কৰে নিজৰ ভাষণত।

ট্ৰাম্পে ক্ৰিকেটৰ লগতে বলীউদৰ ছবি উদ্যোগৰ প্ৰসংগও নিজৰ ভাষণত উত্থাপন কৰি ইয়াৰ প্ৰশংসা কৰে।

অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে শচীন টেণ্ডুলকাৰৰ নামটো শচীন বুলি উচ্চাৰণ কৰিব নোৱাৰি সুশীন বুলিহে উচ্চাৰণ কৰে।

আই চি চিয়ে পৰৱৰ্তী সময়ত ক্ৰিকেটৰ মহান খেলুৱৈ গৰাকীৰ নামটো ভালদৰে উচ্চাৰণ কৰিব নোৱাৰা বাবে ট্ৰাম্পক টুইটাৰত ট্ৰ’ল কৰে।