NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত আমেৰিকাৰ গায়ক! পত্নীৰ পৰামৰ্শ মতে মুম্বাইৰ অনুষ্ঠানত সংগীত পৰিৱেশনত সন্মতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2023 12:44 pm

মুম্বাইত আম্বানী পৰিয়ালৰ জাকজমকীয়া অনুষ্ঠানত বহু চেলিব্ৰিটিৰ সৈতে উপস্থিত আছিল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ। মুম্বাইত নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ (NMACC) গ্ৰেণ্ড মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে বহুচৰ্চিত এই দম্পতিয়ে।

অনুষ্ঠানৰ সময়ত আমেৰিকাৰ কণ্ঠশিল্পীগৰাকীয়ে ভাৰতত কণ্ঠদান কৰাৰ ইচ্ছাও প্ৰকাশ কৰে। প্ৰিয়ংকাৰ পৰামৰ্শ মতে নিকে মুম্বাইত ভাতৃসকলৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিবলৈ সন্মত হৈছে।

এনএমএচিচিত নিজৰ উৎসাহ শ্বেয়াৰ কৰি নিকে কয় যে তেওঁ “ইয়াত উপস্থিত হৈ গৌৰৱান্বিত।” তেতিয়াই প্ৰিয়ংকাই বাধা দি কয়, “তোমালোকে ইয়ালৈ আহি পৰিবেশন কৰা উচিত।” যাৰ উত্তৰত নিকেও মান্তি হয়।

তেওঁ কয়, ‘’আমি সঁচাকৈয়ে ইয়াত প্ৰদৰ্শন কৰা উচিত। এইটো এটা সুন্দৰ ধাৰণা। আমি ইয়াত কেতিয়াও অনুষ্ঠান পৰিৱেশন কৰা নাই। এইটো বৰ ধুনীয়া হ’ব।”

প্ৰিয়ংকাই লগতে কয়, “মুম্বাইত যিকোনো প্ৰদৰ্শনে আচৰিত ধৰণে সুন্দৰ হ’ব।” নিকক সোধাত নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰই বিশ্বজুৰি সংস্কৃতি আৰু শিল্পৰ ওপৰত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱত সহায় কৰিব পাৰিবনে?

তেওঁ উত্তৰ দিলে, “অৱশ্যেই। ভাৰতত উদ্যোগৰ বাবে তেওঁলোকে কি কৰে আৰু তেওঁলোকৰ কাম বিশ্বজুৰি অবিশ্বাস্য। আৰু মই ভাবো সেইটোও এটা বৃহৎ পদক্ষেপ।”

আম্বানী পৰিয়ালে আয়োজন কৰা অনুষ্ঠানত নিক উপস্থিত থকা এয়াই প্ৰথম নহয়। ২০১৮ চনত নিক আকাশ আম্বানী আৰু শ্লোকা মেহতাৰ বিবাহ অভ্যৰ্থনা  অনুষ্ঠানত প্ৰিয়ংকাৰ উপস্থিত আছিল। মুম্বাইত ঈশা আম্বানীয়ে আয়োজন কৰা পাৰ্টিতো প্ৰথম হোলী উদযাপন কৰে দম্পতীহালে।

প্ৰিয়ংকাইও এনএমএচিচি সন্দৰ্ভত নিজৰ চিন্তা ব্যক্ত কৰিছে। তেওঁ কয়, ‘নীতা আম্বানীয়ে ভাৰতীয় সংস্কৃতিৰ বাবে বহু কাম কৰিছে আৰু মই ভাবো যে আম্বানী পৰিয়ালে ভাৰতীয় সংস্কৃতিক লৈ সঁচাকৈয়ে গৌৰৱান্বিত। গতিকে, মই ভাবো ই সঁচাকৈয়ে বিশেষ হ’ব।”

তেওঁ লগতে কয়, “মুম্বাইৰ দৰে চহৰত ঠাই থকাটো, ঘৰ থকাটো বিশেষভাৱে প্ৰয়োজনীয়। মই বহুদিনৰ পৰা মুম্বাইত বাস কৰিছো আৰু ই এখন ব্যস্ত চহৰ আৰু যেতিয়া আমি এটা শ্ব’ৰ বাবে ঠাই চাব বিচাৰো তেতিয়া সেই ঠাই বিচাৰি পোৱাটো সঁচাকৈয়ে কঠিন হৈ পৰে। গতিকে আমি এনে এটা স্থান সৃষ্টি কৰিব লাগিব যিয়ে সঁচাকৈয়ে শিল্পীসকলৰ বাবে এখন সুন্দৰ জগত সৃষ্টি কৰিব।”

ভাৰতৰ প্ৰথম শ্ৰেণীৰ সংগীত, নাট্য, চাৰু কলা আৰু শিল্পকলাৰ ক্ষেত্ৰত ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰা হৈছে। লগতে কোৱা হৈছে যে কেন্দ্ৰটোৱে ভাৰতৰ সাংস্কৃতিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কলাৰ ক্ষেত্ৰত ভাৰত আৰু বিশ্বৰ সৰ্বোৎকৃষ্ট সাফল্য আনিবলৈ এক সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব।

এই স্থানত শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিযোগিতা, কলাৰ শিক্ষকৰ বাবে বঁটা, আৱাসিক গুৰু-শিষ্য কাৰ্যসূচীকে ধৰি বিভিন্ন সামূহিক কাৰ্যসূচীত বিশেষ গুৰুত্ব দিয়া হ’ব।