NORTHEAST NOW (Assamese)
অসম

কেব সমৰ্থক সুকুমাৰ বিশ্বাসৰ সৈতে যুটীয়া সংবাদমেল অসম সাহিত্য সভাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 3, 2019 4:15 pm
Amid anti-CAB protests, Asom Xahitya Xabha holds joint presser with BJP leader

নাগৰিকত্ব বিধেয়কক লৈ চৰ্চা-প্ৰতিবাদৰ মাজতে অসম সাহিত্য সভা আৰু ন বিজেপি, বাঙালী সংগঠনৰ নেতা সুকুমাৰ বিশ্বাসে মঙলবাৰে সম্বোধন কৰিছে যুটীয়া সংবাদমেল।

বিধেয়কৰ বিৰোধী সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সমৰ্থক বিশ্বাসৰ যুটীয়া সংবাদমেল স্বাভাৱিকতেই তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

বৰাকৰ প্ৰদীপ দত্ত ৰয় নামৰ প্ৰাক্তন বিজেপি নেতাজনৰ বক্তব্যৰ বিৰোধিতা কৰিবলৈ সভাৰ গুৱাহাটী কাৰ্য্যালয়ত একেলগে বহা দুয়ো নেতাই বিধেয়ক সন্দৰ্ভতহে অধিক বক্তব্য ৰাখে।

বিধেয়কক লৈ দুয়ো নিজৰ নিজৰ পূৰ্বৰ স্থিতিতে অটল থকা বুলি দুয়োগৰাকী নেতাই সংবাদমেলতে স্পষ্টীকৰণ দিয়ে।

তলত অসম্পাদিত ৰূপত দুয়োৰে বক্তব্য আগবঢ়োৱা হৈছে।

 

পৰমানন্দ ৰাজবংশী:

কেবক লৈ আমি উদ্বিগ্ন। কেবৰ আগৰ ঘটনা আৰু এতিয়াৰ ঘটনাৰ মাজত পাৰ্থক্য আছে। আগৰ পৰিস্থিতি আৰু এতিয়াৰ পৰিস্থিতিৰ পাৰ্থক্য আছে। ৰাজনৈতিক দল-সংগঠনৰ লগত কথা পতাৰ সময়তে আমাক অমিত শ্বাহে মাতিছে। ৩৫টা সংগঠনৰ সৈতে কথা পতা হৈছে। কিন্তু প্ৰায়োগিক পদক্ষেপ এতিয়ালৈকে ল’ব পৰা নাই।

কেবৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতিয়েই বাহাল আছে। অচল-অটল আমাৰ স্থিতি। কেবৰ বিৰোধিতা এতিয়াও অব্যাহত আছে। দ্বিতীয় অভিৱৰ্তন নোহোৱা পৰ্য্যন্ত কাৰ্য্যকৰী পদক্ষেপ ল’ব পৰা নাযাব। ১৫ ডিচেম্বৰত হ’ব কাৰ্য্যনিৰ্বাহক। অসম আন্দোলন আৰম্ভ কৰিছিল পৰমানন্দ ৰাজবংশীয়ে। কোনো দলে নীতি শিক্ষা দিব পৰা নাই কংগ্ৰেছ বা অগপ বা বিজেপিয়ে। আমাৰ পৰামৰ্শ কোনো এখন চৰকাৰে মানি লোৱা নাই।

গোটেই জাতিটোৰ হৈ অমিত শ্বাহৰ আগত কথা কৈছো। বিধেয়কে অসমীয়া ভাষা, সংস্কৃতি, ভূমি অধিকাৰ আদি বলি দিব।

সুকুমাৰ বিশ্বাস:

কেবৰ মই সপক্ষে আছো। মোৰ আগৰ স্থিতিতেই আছো। আজি এই বিষয় লৈ মই ইয়াত বহা নাই। প্ৰদীপ দত্ত ৰয়ে যি ভাষিক সংঘাত লগাব বিচাৰিছে তাৰ বিৰোধিতা কৰিহে মই বহিছো।

(দত্ত ৰয়ে) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমন্বয়ৰ বাটত বিষবাষ্প বিয়পাইছে। এই কথাক ধিক্কাৰ দিছো। ভাষিক দ্বন্দ্বৰ অৱকাশ থাকি গৈছে ৰয়ৰ মন্তব্যত। আমি গৰিহণা দিছো। প্ৰদীপ দত্ত ৰয়ৰ বক্তব্য অসমৰ বাঙালীৰ বক্তব্য নহয়। প্ৰদীপ দত্ত ৰায়ৰ বক্তব্য বাঙালীৰ জাতীয় বক্তব্য নহয়। ৰায়ৰ বক্তব্যই আমাক মৰ্মাহত কৰিছে।

ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ সম্প্ৰীতি বিনষ্ট কৰিছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ায়। অসম যদি ৰাজ্য হয়, গতিকে ইয়াৰ ৰাজ্যিক ভাষা অসমীয়া হ’বই। এয়া আমি এশবাৰ ক’ম।

ভৱিষ্যতে যাতে প্ৰদীপ দত্ত ৰয়ে এনেদৰে মন্তব্য নকৰে তাৰ বাবে সকীয়াই দিছো। অন্যথা তেওঁ বঙালী সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হ’ব।

 

(বিজেপিৰ পৰা শেহতীয়াকৈ বহিষ্কৃত নেতা দত্ত ৰয়ে কিছুদিন পূৰ্বে কৈছিল যে বিধেয়কবিৰোধী আন্দোলনে অসমৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিব।

তেওঁ ইয়াৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক মূলতঃ জগৰীয়া কৰিছিল।)