NORTHEAST NOW (Assamese)

ভাৰতত “চকীদাৰ” চৰ্চাৰ বিপৰীতে চিকিৎসকৰূপেও ৰাইজসেৱা ভুটানৰ প্ৰধান মন্ত্ৰীৰ

March 21, 2019 4:57 pm · এন ই নাও নিউজ
Updated: March 21, 2019 5:53 pm
লতে’ চেৰিং। ফাইল ছবি।

দেশৰ সাধাৰণ নিৰ্বাচনৰ ধামখুমীয়াত নৰেন্দ্ৰ মোদীৰ স্ব-আৰোপিত “চকীদাৰ” অভিধাক লৈ চলিত চৰ্চাৰ বিপৰীতে বিশেষজ্ঞ চিকিৎসকৰূপে ৰাইজক সেৱা আগবঢ়াই আহিছে চুবুৰীয়া ভুটানৰ প্ৰধান মন্ত্ৰী লতে’ চেৰিঙে

সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা থকা হিমালয়ী দেশখনত প্ৰধান মন্ত্ৰীৰ দায়িত্বৰ মাজত সাপ্তাহিক ছুটীত চেৰিঙে অবৈতনিকভাৱে ৰাইজক সেৱা আগবঢ়ায়। প্ৰতি বৃহস্পতিবাৰে ৰাজধানী থিম্ফুস্থিত দেশখনৰ মুখ্য চিকিৎসালয় জিগমে দৰ্জি ৱাংচুক জাতীয় ৰেফাৰেল হস্পিতেলত যিকোনো ৰোগীয়ে দেখা কৰিব পাৰে তেওঁক।

পুৱা ৭:৩০ বজাৰ পৰা ১০ বজালৈকে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান, দিহা-পৰামৰ্শ আগবঢ়োৱাৰ পিছত বিশেষজ্ঞ ইউৰ’লজিস্তৰূপে তেওঁ ৰোগীক সেৱা আগবঢ়ায়।

প্ৰধান মন্ত্ৰী চেৰিং দেশখনৰ আটাইতকৈ দক্ষ শল্য চিকিৎসকসকলৰ অন্যতমৰূপে জনাজাত। তেওঁ এমেৰিকাৰ উইচকনচিন চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।

এমেৰিকাৰ পূৰ্বে চেৰিঙে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ৰ অধীনৰ মইমনসিং চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক হৈছিল।

Related News