NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ভাইৰেল “হেণ্ড-ৱাশ্বিং ডান্স”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 7:23 pm
Amid coronavirus, "Hand-washing video'' goes viral

ক’ৰ’নাভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ভাইৰেল “হেণ্ড-ৱাশ্বিং ডান্স” শীৰ্ষক এক ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

ইউনিছেফে (UN International Children’s Emergency Fund) শ্বেয়াৰ কৰিছে ভিয়েটনামৰ দুজন ডান্সাৰৰ এই ভিডিঅ’।

ভিডিঅ’টোত ভিয়েটনামৰ ডান্সাৰ দুগৰাকীয়ে দেখুৱাইছে ক’ৰ’নাভইৰাছৰ পৰা বাচিবলৈ কিদৰে হাত ধুব লাগে।


“ভিয়েটনামী ডান্সাৰ কুৱাং আফঙৰ এই হেণ্ডৱাশ্বিং ডান্সটো আমি ভাল পাইছো। চাবোন আৰু পানীৰে আপোনাৰ হাত ধোৱাটো #coronavirusৰ পৰা আপোনাক বচাই ৰখাৰ এটা প্ৰাথমিক ঢাপ,” ইউনিছেফৰ টুইটাৰত উল্লেখ।

ভিয়েটনামী ভাষাত Ghen Co Vy শীৰ্ষক ভিডিঅ’টো সংগীতকাৰ Khac Hung, Min আৰু Erikএ লগ লাগি কৰিছে।