NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংকৰ মাজতে এটা ভাল খবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 20, 2020 7:38 pm
Himanta Biswa Sarma

ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ আতংক চলি থকাৰ মাজতে আজি এক সংবাদমেল যোগে এটা ভাল খবৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰকীয়ে জনোৱা মতে ক’ৰ’না ভাইৰাছত আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা০ লিথিকেশসহ ৰাজ্যৰ ৭ গৰাকী কোভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে।

আজি বিয়লি প্ৰায় ৫:৩০ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা GMCHত উপস্থিত হৈ ডা০ লিথিকেশক চিকিৎসালয়ৰ পৰা মুক্তি দিয়ে।

দাক্ষিণাত্যৰ ডা০ লিথিকেশৰ দেহত ২৭ এপ্ৰিলৰ পৰাই ক’ৰ’নাৰ লক্ষণে লাহে লাহে দেখা দিছিল যদিও যোৱা ৭ মে’ত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

তাৰ পাছৰে পৰা GMCH ত চিকিৎসাধীন হৈ আছিল লিথিকেশ।

লিথিকেশৰ সম্পৰ্কলৈ অহা ২২০০ লোকৰ দুগৰাকীক বাদ কৰি আটাইৰে নিগেটিভ আহিছিল।

ডা০ লিথিকেশৰ উপৰি আজি যোৰহাট মেডিকেল কলেজ হস্পিতালৰ ২ গৰাকী, শিলচৰ মেডিকেল কলেজ হস্পিতালৰ চাৰিগৰাকী লোকক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

বৰ্তমানলৈকে ৰাজ্যত ১৭০ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ লগতে ৪৮ গৰাকীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ইতিমধ্যে ৪ গৰাকী লোক মৃত্যু মুখত পৰিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ পৰা মুকলি কৰি দিয়া ব্যক্তি দুগৰাকী হৈছে মামু বৰা আৰু পৰীস্মিতা দত্ত কলিতা।

ইপিনে ডা০ লিথিকেশ ক’ৰ’না মুক্ত হ’ল যদিও তেওঁ কিছু দিনৰ বাবে মহানগৰীৰ এখন হোটেলত কুৱাৰেন্টাইনত থাকিব।